অসম

assam

সাংসদ হিচাপে নিৰ্বাচিত কাৰাবন্দী অমৃত পাল সিং : মুক্তিৰ দাবী অধিবক্তাৰ - LOK SABHA ELECTION RESULTS 2024

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 8:20 PM IST

Updated : Jun 5, 2024, 8:50 PM IST

Amritpal Contesting in LS Election: সাংসদ হিচাপে জয়লাভ কৰা পাচতে বুধবাৰে ডিব্ৰুগড়ৰ কাৰাগাৰত বন্দী হৈ থকা অমৃতপাল সিঙক সাক্ষাৎ তেওঁৰ অধিবক্তা ৰাজদ্বীপ সিং খালছাৰ ৷ অমৃতপাল সিঙক শীঘ্ৰেই কাৰাগাৰৰ পৰা মুকলি কৰি দিবলৈ আহ্বান অধিবক্তাগৰাকীৰ ৷

Amritpal Singh's Lawyer MP Rajdev Singh Khalsa
সাংসদ হিচাপে নিৰ্বাচিত কাৰাবন্দী অমৃত পাল সিং; মুক্তিৰ দাবী অধিবক্তাৰ (Etv bharat assam)

মৰাণ, 5 মে’: ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত দিন পাৰ কৰিছে ৱাৰিছ পঞ্জাৱ দে'ৰ মুৰব্বী অমৃতপাল সিংসহ 10 খালিস্তানী কাৰাবন্দীয়ে । কাৰাগাৰত থাকিয়েই লোকসভা নিৰ্বাচনত পাঞ্জাৱৰ খাদুৰ চাহাব সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিজয় সাব্যস্ত কৰিলে ৱাৰিছ পঞ্জাৱ দে'ৰ মুৰব্বী অমৃতপাল সিঙে । নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পাচতে বুধবাৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত অমৃতপাল সিঙক সাক্ষাৎ কৰে তেওঁৰ অধিবক্তা ৰাজদ্বীপ সিং খালছাই ।

সাংসদ হিচাপে নিৰ্বাচিত কাৰাবন্দী অমৃত পাল সিং; মুক্তিৰ দাবী অধিবক্তাৰ (Etv bharat assam)

সাক্ষাতত কাৰাবন্দী অমৃতপাল সিঙৰ সৈতে কি বিষয় সন্দৰ্ভত আলোচনা কৰা হয় সেই বিষয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা নাই যদিও অমৃতপাল সিঙক শীঘ্ৰেই কাৰাগাৰৰ পৰা মুকলি কৰি দিবলৈ আহ্বান জনাই অধিবক্তাগৰাকীয়ে । খালছাই লগতে কয়, "অমৃতপাল সিঙে জয়লাভ কৰাৰ পাচতেই পঞ্জাৱত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে ।"

উল্লেখ্য যে, 2023 বৰ্ষৰ 23 এপ্ৰিলত পাঞ্জাৱৰ পৰা ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ অনা হৈছিল অমৃতপাল সিঙক । অমৃতপালসহ 9 জনক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত পৃথককৈ বিশেষ চেলত ৰখা হৈছে । ডিব্ৰুগড়ৰ কাৰাগাৰৰ পৰা পাঞ্জাৱলৈ স্থানান্তৰৰ লগতে কাৰাগাৰৰ পৰা মুকলি কৰাৰ বাবে আইনী যুঁজ চলাই সফল হব নোৱৰাৰ পিচতেই ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত কাৰাবন্দী হৈ থকা অমৃতপাল সিঙক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বাবে পৰামৰ্শ আগবঢ়াইছিল তেওঁৰ অধিবক্তাই ।

অধিবক্তাৰ পৰামৰ্শ অনুসৰি কাৰাগাৰৰ ভিতৰৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল অমৃতপাল সিঙে । সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাচত কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ অহাৰ পথ কেতিয়া মুকলি হ'ব সেয়াহে বৰ্তমান অতি লক্ষণীয় বিষয় ।

লগতে পঢ়ক:ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থকা অমৃতপাল সিঙৰ বৃহৎ জয়

Last Updated : Jun 5, 2024, 8:50 PM IST

ABOUT THE AUTHOR

...view details