গুৱাহাটী, ২৭ আগষ্ট:উজনি অসম ত্যাগ কৰাৰ বাবে কেইবাটাও জাতীয় সংগঠনে মিঞাসকলক হুংকাৰ দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি দ্বিতীয় দিনা এই প্ৰসংগত এ আই ইউ ডি এফ দলে সভাস্থগিত প্ৰস্তাৱ আনিছিল । বিষয়টো সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ধিঙৰ বিধায়ক আমিনুল ইছলামে ৷
তেওঁ কয়, ‘‘উজনি অসমত কিছুমান অজ্ঞাত সংগঠনে সংখ্যালঘু সম্প্ৰদায়ৰ শ্ৰমজীৱি তথা সৰু সৰু ব্যৱসায় কৰা ব্যৱসায়ীসকলৰ ওপৰত নিৰ্যাতন চলাইছে । তেওঁলোকক উজনি অসম ত্যাগ কৰাৰ বাবে ভাবুকি প্ৰদান কৰা হৈছে । নামনি অসমৰ পৰা বিভিন্ন কামৰ বাবে উজনিলৈ যোৱা সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক ভাবুকি প্ৰদান কৰা হৈছে তথা নিৰ্যাতন চলোৱা হৈছে । আমি ৰাজ্যখনৰ আইন শংখলা পৰিস্থিতিৰ দৃষ্টি আকৰ্ষণ কৰি সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰিছো ।’’
বিধায়কগৰাকীয়ে লগতে কয়, ‘‘ব্যৱসায়-বাণিজ্য তথা শ্ৰম কৰাৰ বাবে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যিকোনো মানুহ যোৱাৰ অধিকাৰ আছে । এইক্ষেত্ৰত বৈষম্যমূলক নীতি থাকিব নালাগে । অসমৰ বাসিন্দাই অসমৰ যিকোনো ঠাইলৈ গৈ ব্যৱসায় কৰিব পাৰে । নামনিৰ পৰা উজনিলৈ কিয় যাব নোৱাৰিব । সংখ্যালঘু লোকসকলক যদি চৰকাৰে সুৰক্ষা দিব নোৱাৰে তেন্তে চাকৰি দিয়ক ।’’