গুৱাহাটী : কংগ্ৰেছৰ তীব্ৰ বিৰোধিতাৰ মাজতে বিজেপি নেতৃত্বাধীন অসম চৰকাৰে প্ৰস্তাৱিত এডভাণ্টেজ অসম ২.০ ৰ বাবে প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে । ইয়াৰ অংশ হিচাপে সোমবাৰে মুম্বাইত এক ৰোড শ্ব' অনুষ্ঠিত কৰে ৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিগত তিনিদিন ধৰি মুম্বাইত টাটা গ্ৰুপৰ অধ্যক্ষ নোৱেল টাটা, আদানি গ্ৰুপৰ সঞ্চালক জিত আদানি আৰু মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষ আনন্দ গোপাল মহিন্দ্ৰা আদিকে ধৰি শীৰ্ষ উদ্যোগপতিসকলক সাক্ষাৎ কৰি আছে ৷
"আজি মুম্বাইত অনুষ্ঠিত এডভাণ্টেজ অসম ২ ৰোড শ্ব'ত মই অসমক ঔদ্যোগিক ৰাজ্য হিচাপে পৰিণত কৰা আৰু ২৫,০০০ কোটি টকাৰ পি এল আই আঁচনি আৰু তেওঁলোকৰ বাবে অনুকূল ইনচেণ্টিভৰ সৈতে আমাৰ চৰকাৰৰ দৃষ্টিভংগী নিৰ্ধাৰণ কৰি উদ্যোগসমূহৰ বাবে ৰেড কাৰ্পেট পাৰি দিছোঁ । ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত আমাৰ সৈতে যোগদান কৰক ।" সোমবাৰে সন্ধিয়া মুখ্যমন্ত্ৰীয়ে নিজৰ এক্স হেণ্ডেলত কয় ।
আনহাতে, ৰোড শ্ব'ত দৰ্শকসকলক সম্বোধন কৰি মুখ্যমন্ত্ৰী মহন্ত বিশ্ব শৰ্মাই অসমৰ দ্ৰুত পৰিৱৰ্তনক এক আগশাৰীৰ বিনিয়োগ গন্তব্যস্থানলৈ পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰি ব্যৱসায়-অনুকূল পৰিৱেশ গঢ়ি তোলাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে ।
তেওঁ উল্লেখ কৰে, "অসম কৌশলগতভাৱে সুবিধাজনক স্থানত অৱস্থিত আৰু গুৱাহাটীৰ পৰা ৩ ঘণ্টাৰ উৰণ সময়ৰ ভিতৰত, উদ্যোগসমূহে প্ৰায় ১৪ খন দেশৰ বিশ্বৰ জনসংখ্যাৰ ৩০ শতাংশ লোকক সংযোগ কৰিব পাৰে । সেয়েহে, অসমক বাণিজ্য আৰু সাংস্কৃতিক বিনিময়ৰ বাবে এক আদৰ্শ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব পাৰি । ই হৈছে ভাৰতৰ আটাইতকৈ শান্তিপূৰ্ণ গন্তব্যস্থানসমূহৰ ভিতৰত এটা, যি এক বৰ্ধিত জি এছ ডি পিৰ সৈতে উচ্চ বিকাশৰ মাজেৰে আগবাঢ়ি গৈ আছে ।"
অৱশ্যে এই বিনিয়োগ সন্মিলনৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত কৰাৰ অসম চৰকাৰৰ উচ্চাভিলাষী পৰিকল্পনাই বিৰোধী কংগ্ৰেছৰ পৰা সমালোচনাৰ সন্মুখীন হৈছে । কংগ্ৰেছে শেহতীয়াকৈ ২০১৮ চনত অসমত অনুষ্ঠিত এডভাণ্টেজ অসমৰ প্ৰথম সংস্কৰণৰ সফলতাৰ ওপৰত এখন শ্বেতপত্ৰও দাবী কৰিছে ।