অসম

assam

মণিপুৰত গুলীবিদ্ধ কুকি কিশোৰক জি এম চি এইচলৈ প্ৰেৰণ - Manipur Violence

By ETV Bharat Assamese Team

Published : Jul 15, 2024, 3:32 PM IST

Ambushed in Manipur : মণিপুৰৰ জিৰিবাম জিলাত মণিপুৰ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ যৌথ দলক লক্ষ্য কৰি দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাত আহত দুই আৰক্ষী জোৱান শিলচৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পতালত চিকিৎসাধীন ।

Ambushed In Manipur
ণিপুৰৰ জিৰিবামত গুলীয়াগুলি (ETV BHARAT ASSAM)

শিলচৰ, ১৫ জুলাই: মণিপুৰৰ জিৰিবাম জিলাত দেওবাৰে চি আৰ পি এফ আৰু মণিপুৰ আৰক্ষীৰ এটা যুটীয়া দলক লক্ষ্য কৰি সশস্ত্ৰ দুৰ্বৃত্তই আক্ৰমণ কৰাত গুলিবিদ্ধ হোৱা দুই আৰক্ষী জোৱান শিলচৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পতালত চিকিৎসাধীন হৈ আছে । ইপিনে, এই ঘটনাত গুলীবিদ্ধ এজন ১৪ বছৰীয়া কুকি কিশোৰক প্ৰেৰণ কৰা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পতাললৈ ।

উল্লেখ্য় যে অসম সীমান্তত থকা মণিপুৰৰ জিৰিবামত শনিবাৰে সংঘটিত হয় গুলীয়াগুলিৰ ঘটনা । নিৰাপত্তাৰক্ষী আৰু কুকি উগ্ৰপন্থীৰ মাজত এই গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় । প্ৰায় দুঘণ্টা ধৰি চলা উক্ত ঘটনাত গুলীবিদ্ধ হৈ মৃত্যু হয় এজন চি আৰ পি এফ জোৱানৰ । লগতে আহত হয় মণিপুৰ আৰক্ষীৰ দুই জোৱানসহ এজন কুকি কিশোৰ । শিলচৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পতাললৈ অনাৰ পিচত কিশোৰজনৰ অৱস্থা সংকটজনক হোৱাত চিকিৎসকসকলে তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পতাললৈ প্ৰেৰণ কৰে । আনহাতে, কালি জিৰিবামত সংঘটিত গুলীয়াগুলীৰ ঘটনাৰ পিচতেই জিৰিবামৰ লগতে সমগ্ৰ মণিপুৰ উত্তপ্ত হৈ আছে । যিকোনো সময়ত পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকা কৰা হৈছে ।

দেওবাৰে মণিপুৰৰ জিৰিবাম জিলাত চি আৰ পি এফ আৰু মণিপুৰ আৰক্ষীৰ এটা যুটীয়া দলক লক্ষ্য কৰি সশস্ত্ৰ দুৰ্বৃত্তই আক্ৰমণ কৰাৰ ফলত এজন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ (চি আৰ পি এফ) জোৱান নিহত হয় আৰু আন তিনিজন আহত হয় ৷ ১৩ জুলাইত সংঘটিত গুলীচালনাৰ সৈতে জড়িত তালাচী অভিযান চলাবলৈ সংযুক্ত নিৰাপত্তাৰক্ষীৰ দলটোৱে মনবুং গাঁৱৰ কাষ চাপি অহাৰ সময়তে এই ঘটনা সংঘটিত হয় ।

লগতে পঢ়কমণিপুৰৰ জিৰিবামত এম্বুছত নিহত চি আৰ পি এফ জোৱান, মুখ্যমন্ত্ৰীৰ গৰিহণা - Manipur Violence

মণিপুৰৰ পৰিস্থিতি বৰ দুখলগা, প্ৰধানমন্ত্ৰী এদিনৰ বাবে মণিপুৰলৈ আহক : ৰাহুল গান্ধী - RAHUL GANDHI NE VISIT

ABOUT THE AUTHOR

...view details