গুৱাহাটী :লোকসভাত ভীমৰাও আম্বেদকাৰ সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহে কটু মন্তব্য কৰা বুলি অভিযোগ তুলি কংগ্ৰেছ দলে প্ৰতিবাদ-সমদল কৰি থকাৰ সময়তে কংগ্ৰেছ দলক নিকৃষ্ট আৰু নিৰ্লজ্জ দল বুলি তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । গুৱাহাটীত বুধবাৰে এক অনুষ্ঠানত অংশ লৈ কংগ্ৰেছ দলক তীব্ৰ ভাষাৰে সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত কয়,"কংগ্ৰেছৰ লাজ বোলা একো নাই ।
কংগ্ৰেছ এনে এটা দল যাৰ শৰীৰত লাজ বোলা শব্দ শোভা নাপায় । যি কংগ্ৰেছ দলে জৰুৰী অৱস্থা আনিছিল । সংবিধানক নিলম্বিত কৰিছিল । গণতন্ত্ৰক ভৰিৰে মোহাৰি হত্যা কৰিছিল । কংগ্ৰেছ দলে সংবিধান লৈ সমদল কৰাটো এইটো বুজায় যে কংগ্ৰেছ আৰু কংগ্ৰেছীয়ে লাজ নুবুজে । কংগ্ৰেছক নিৰ্লজ্জ বুলি ক'লেও অত্যুক্তি কৰা নহয় ।"
মুখ্যমন্ত্ৰীয়ে লগতে কয়, "কংগ্ৰেছে ৰাজনৈতিক মুনাফাৰ বাবে আম্বেদকাৰক ব্যৱহাৰ কৰিছে । এনেকুৱা নিকৃষ্ট ৰাজনীতি আজিলৈকে হোৱা নাই । কংগ্ৰেছ নাটক কৰাৰ বাবে যোগ্য । ৭৫ বছৰে শাসনত থাকিও কংগ্ৰেছ দলে কিয় আম্বেদকাৰক ভাৰতৰত্ন নিদিলে ? তেওঁলোকৰ শাসনকালত ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধীৰ নামত বহুত আঁচনি কৰিলে, নেহৰুৰ নামত বিশ্ববিদ্যালয় কৰিলে । কিন্তু আম্বেদকাৰৰ নামত কংগ্ৰেছে এটাও আঁচনি নিদিলে । এখন বিশ্ববিদ্যালয় দূৰৈৰ কথা বিদ্যালয় এখনো আম্বেদকাৰৰ নামত নাই ।"