অসম

assam

ETV Bharat / state

নাবালিকা ধৰ্ষণৰ ঘটনাক লৈ উত্তাল ধিং: শীঘ্ৰে ঘটনাস্থলী পৰিদৰ্শন কৰি ব্যৱস্থা ল’বলৈ ডিজিপিক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ - Dhing rape case - DHING RAPE CASE

Dhing rape case: ধিঙৰ নাবালিকা ধৰ্ষণকাণ্ডক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আছুৱে জনোৱা ধিং বন্ধৰ প্ৰতি ৰাইজে সঁহাৰি জনাইছে ব্যাপকভাৱে । আৰক্ষী অধীক্ষকে এই ঘটনাক নিন্দা কৰাৰ লগতে ধৰ্ষণকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিশ্ৰুতি দিছে ।

Dhing rape case
ধিঙত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ;দোষীক শীঘ্ৰে গ্ৰেপ্তাৰৰ আশ্বাস আৰক্ষী অধীক্ষকৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 11:02 AM IST

নগাঁও,২৩ আগষ্ট :নাবালিকাৰ ধৰ্ষণক কেন্দ্ৰ কৰি নগাঁৱৰ ধিঙত উত্তাল পৰিৱেশে বিৰাজ কৰিছে । দুৰ্বৃত্তৰ কামনাৰ বলি হোৱা দশম শ্ৰেণী ছাত্ৰীগৰাকী বৰ্তমান চিকিৎসাধীন নগাঁও মেডিকেল কলেজত । ইফালে ছাত্ৰ সন্থাৰ আহ্বানত পুৱাৰে পৰা বন্ধ হৈ পৰিছে ধিং । শ শ মহিলা ৰাজপথলৈ ওলাই আহিছে ধৰ্ষণৰ বিৰুদ্ধে ন্যায় বিচাৰি ৷

ধিঙত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ;দোষীক শীঘ্ৰে গ্ৰেপ্তাৰৰ আশ্বাস আৰক্ষী অধীক্ষকৰ (ETV Bharat)

নাবালিকাক ধৰ্ষণ

কলকাতাৰ চিকিৎসক ধৰ্ষণকাণ্ডই সমগ্ৰ দেশ জোকাৰি যোৱাৰ সময়তে অসমৰ নগাঁৱতো সংঘটিত নাবালিকা ধৰ্ষণকাণ্ডই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । নগাঁৱৰ ধিঙত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী দলবদ্ধ ধৰ্ষণৰ বলি হোৱা ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে নগাঁৱৰ ধিং অঞ্চলত । বৃহস্পতিবাৰে সন্ধিয়া টিউচনৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত নাবালিকাগৰাকীক ৩ দুৰ্বৃত্তই ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে । নিশা মুমূৰ্ষু অৱস্থাত উদ্ধাৰ হৈছিল নাবালিকা ছাত্ৰীগৰাকী ।

সম্প্ৰতি নগাঁও চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন নাবালিকা ছাত্ৰীগৰাকী সংকটমুক্ত বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিছে । ইফালে সমগ্ৰ ঘটনাৰ সৈতে জড়িত অপৰাধীৰ সন্ধানত ধিং তথা নগাঁও আৰক্ষীয়ে নিশাই আৰম্ভ কৰিছে অভিযান ।

ধিঙত বন্ধ

নাবালিকা ছাত্ৰীৰ ধৰ্ষণকাণ্ডই সমগ্ৰ নগাঁৱতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । এই ঘটনাৰ বিৰুদ্ধে ধিং আঞ্চলিক ছাত্ৰ সন্থাই শুকুৰবাৰে ধিং বন্ধৰ আহ্বান জনায় । ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ আহ্বানত পুৱাৰে পৰা ধিং অঞ্চলত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয় । ধিঙত সংঘটিত হোৱা ঘৃণনীয় আৰু অমানৱীয় ঘটনাৰ বিৰুদ্ধে ছাত্ৰ সন্থাই বন্ধৰ আহ্বান জনোৱাৰ পিচত ধিং অঞ্চলৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে পালন কৰিছে বন্ধ ।

আৰক্ষীৰ ভূমিকা

ঘটনাটো পোহৰলৈ অহাৰ পিচতে নিশাই নগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাসহ নগাঁও আৰক্ষীৰ এটা দল উপস্থিত হয় ধিং অঞ্চলত । আৰক্ষী অধীক্ষকগৰাকীয়ে এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিয়ে । লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ কথাও উল্লেখ কৰি অতি শীঘ্ৰে দোষীক কৰায়ত্ত কৰাৰো আশ্বাস দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে । ধিঙৰ নাবালিকা ধৰ্ষণকাণ্ডক লৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে নিশাই আৰক্ষীয়ে দুজন লোকক সোধা-পোছাৰ বাবে আটক কৰে বুলি জানিব পৰা গৈছে । অৱশ্যে এই সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈ কোনো স্পষ্টীকৰণ দিয়া নাই ।

কঠোৰ মুখ্যমন্ত্ৰী

ইফালে ধিংকাণ্ডক লৈ এক্সৰ এটা পোষ্টত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ধিঙৰ ঘটনাই সামূহিক বিবেকক আঘাত কৰিছে বুলি তেওঁ উল্লেখ কৰে । এই ঘটনাৰে জড়িত দোষীক ৰেহাই দিয়া নহ'ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিছে । লগতে দোষীৰ বিৰুদ্ধে দ্ৰুত আৰু উচিত পদক্ষেপ ল'বলৈ নিৰ্দেশ দিছে ।

লগতে পঢ়ক :আকৌ ধৰ্ষণৰ বলি দেশৰ কন্যা: তিনি দুৰ্বৃত্তই ধৰ্ষণ কৰি পথৰ কাষত পেলাই থৈ গ’ল নাবালিকাক - Dhing Minor rape case

ABOUT THE AUTHOR

...view details