যোৰহাট, 10 মে’: যোৰহাট পৌৰসভাত সংঘটিত হৈছে ভয়ংকৰ বিত্তীয় কেলেংকাৰী ।কৰ সংগ্ৰাহকৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷ নাগৰিকৰ পৰা সংগ্ৰহ কৰা লাখ লাখ টকা আত্মসাৎ কৰি আত্মগোপন কৰাৰ অভিযোগ উত্থাপন হৈছে কৰ সংগ্ৰাহকৰ বিৰুদ্ধে ।
জানিব পৰা মতে, ৰঞ্জন ৰাজখোৱা নামৰ কৰ সংগ্ৰহকজনে 2021 চনৰ পৰা নাগৰিকৰ পৰা সংগ্ৰহ কৰা বহু লক্ষাধিক টকা পৌৰসভাত জমা নিদিয়াকৈ আত্মসাৎ কৰে । নগৰৰ 15 নং ৱাৰ্ডৰ কৰ সংগ্ৰাহকজনক প্ৰায় 90 খন ৰচিদ বহি পৌৰসভাৰ পৰা ইচ্ছ্যু কৰা হৈছিল । কিন্তু এই ৰচিড বহীৰ বিপৰীতে সংগ্ৰহ কৰা কৰৰ এটকাও পৌৰসভাত জমা নিদিয়াৰ লগতে 2021 চনৰ পৰা ৰচিড বহি পৰ্যন্ত জমা দিয়া নাছিল বুলি অভিযোগ তুলিছে যোৰহাট পৌৰসভা কাৰ্যালয়ে ।
কিন্তু শেহতীয়াকৈ এখন ব্যৱসায়িক প্ৰতিষ্ঠানে ট্ৰেড লাইচেন্স নবীকৰণ কৰিবলৈ যোৱাৰ পাচতহে এই বৃহৎ কেলেংকাৰীৰ তথ্য পোহৰলৈ আহে । নিয়মীয়াকৈ কৰ দি ৰচিড লৈ থকা উক্ত প্ৰতিষ্ঠানখনৰ তথ্য পৌৰসভাৰ কম্পিউটাৰত উপলব্ধ নাছিল । প্ৰাৰম্ভিক অনুসন্ধান এনুসৰি 10 লক্ষাধিক কৰ আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহিছে যদিও কিমান লোকৰ কৰৰ তথ্য কম্পিউটাৰত অন্তৰ্ভুক্ত কৰা হোৱা নাই সেয়া এতিয়াও নিশ্চিত হোৱা নাই ।