বটদ্ৰৱা:গুৰুজনাৰ পৱিত্ৰ জন্মভূমি বটদ্ৰৱা থানৰ পাৰ্শ্বৱৰ্তী এলেকাতেই পুনৰ এটা খিলঞ্জীয়া পৰিয়ালৰ ভূমি বেদখলক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ । বটদ্ৰৱা আৰক্ষী থানাৰ নিচেই কাষতে থকা হাইডুবি অঞ্চলৰ এটা খিলঞ্জীয়া পৰিয়ালৰ একচনীয়া ভূমি বেদখলৰ অভিযোগ উত্থাপন হৈছে হান্নান হ'ক চৌধুৰী নামৰ এজন লোকৰ বিৰুদ্ধে । উত্থাপিত অভিযোগ অনুসৰি ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত বটদ্ৰৱাৰ হাইডুবি কিচামতৰ ২ নং পট্টাৰ ২৮ নং দাগৰ একচনীয়া তিনিকঠা ভূমি সম্প্ৰতি পৰিছে বেদখলকাৰীৰ কৱলত ।
দীপালী বৰা নামৰ এগৰাকী মহিলাৰ পৰিয়ালৰ হাইডুবিৰ উক্ত ভূমি এটা নিশাৰ ভিতৰতে ১৫-২০ জনীয়া এটা দল লগত লৈ দখল কৰাৰ অভিযোগ উঠিছে । কেইদিনমান পূৰ্বে মহিলাগৰাকীৰ স্বামী ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হোৱাত চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ যোৱাৰ সুযোগ গ্ৰহণ কৰিয়েই এটা নিশাৰ ভিতৰত পৰিয়ালটোৰ ভূমি দখল কৰি দোকানঘৰ নিৰ্মাণ কৰা বুলিও অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে ।
খিলঞ্জীয়া পৰিয়ালটোৰ ভূমি বেদখল কৰা সন্দৰ্ভত স্থানীয় ৰাজহ চক্ৰ বিষয়াৰ শৰণাপন্ন হয় পৰিয়ালটো । ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই সমগ্ৰ ঘটনা সন্দৰ্ভত অনুসন্ধান কৰি বেদখল কৰা হান্নান হক চৌধুৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে পত্ৰ প্ৰেৰণ কৰে যদিও এই পৰ্যন্ত বটদ্ৰৱা আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগো উত্থাপন কৰে মহিলাগৰাকীয়ে । নগাঁৱৰ ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই চলিত বৰ্ষৰ ৮ নৱেম্বৰত DCO.2024/1015 নম্বৰৰ এক নিৰ্দেশযোগে অনিয়মেৰে এটা পৰিয়ালৰ ভূমি দখল কৰাৰ পৰিপ্ৰেক্ষিতত ব্যৱস্থা গ্ৰহণৰ বাবে জনাই বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক ।