ধনশিৰি নদী গৰাখহনীয়া ৰোধৰ নামত বৃহৎ কেলেংকাৰীৰ অভিযোগ (Etv bharat assam) গোলাঘাট, 24 মে’: সোণৰ কণী পৰা হাঁহলৈ পৰিণত মিচিং স্বায়ত্তশাসিত পৰিষদ । ধনশিৰিৰ খহনীয়া প্ৰতিৰোধ আঁচনি ৰূপায়ণত ব্যাপক অনিয়মৰ অভিযোগ তুলিছে স্থানীয় লোকে । মাত্র 60 টা পার্কিউপাইন পেলাই 15.64 লাখ টকা মোকলাই নিয়াৰ অভিযোগ উঠিছে ঠিকাদাৰৰ বিৰুদ্ধে ।
উল্লেখ কৰা প্ৰয়োজন যে, জাতীয় সংগঠনৰ দীর্ঘদিনীয়া কঠোৰ সংগ্রাম, তিনিগৰাকীকৈ জাতীয় সংগ্রামী নেতাৰ আত্মবলিদানৰ ফলত গঠন হৈছিল মিচিং স্বায়ত্তশাসিত পৰিষদ ৷ দুৰ্ভাগ্যজনক বিষয় যে এতিয়া একাংশ ঠিকাদাৰ, বিষয়া, জনপ্রতিনিধিৰ বাবে সোণৰ কণী পৰা হাঁহলৈ পৰিণত হৈছে এই পৰিষদখন ।
অভিযোগ অনুসৰি এম এম কেৰ গোলাঘাট জিলা সমিতিৰ প্ৰাক্তন সভাপতি, সম্মিলিত গণশক্তি-অসমৰ গোলাঘাট জিলা সমিতিৰ উপ-সভাপতি তথা পৰিষদৰ ঠিকাদাৰ এগৰাকীয়ে মহুৰা মৌজাৰ ধনশিৰি টেমেৰাত গেলাবিল আৰু ধনশিৰি নৈৰ সংগমস্থলত চলি থকা গৰাখহনীয়া প্ৰতিৰোধৰ নামত অহা আঁচনিৰ সিংহভাগ ধন আত্মসাৎ কৰে ।
তথ্য অনুসৰি উল্লিখিত স্থানত চলি থকা গৰাখহনীয়া পকী খুঁটা পার্কিউপাইনেৰে প্ৰতিৰোধ কৰিবলৈ এম এ চিয়ে 17 লাখ টকাৰ অনুমোদন দিয়ে আৰু ঠিকাদাৰজনে নিবিদা লাভ কৰে । ঠিকাদাৰজনে আটাইকে মেনেজ কৰি মাত্র 60 টা পার্কিউপাইন পেলাই আঁচনিৰ 92 শতাংশ অর্থাৎ 15.64 লাখ টকা মোকলাই নিয়া বুলিও ৰাইজে অভিযোগ কৰিছে ।
ইপিনে জি এম সুধীৰ চন্দ্ৰ মৰাঙৰ ছত্ৰছায়াত অবাধে দুর্নীতি চলি আছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে একাংশ ৰাইজে । এক গোপন সূত্রই এই সন্দৰ্ভত কয়, "17 লাখ টকাত দুই শতাধিক পকী খুঁটাৰ পাৰ্কিউপাইন পেলাব লাগিছিল । কিন্তু মাত্র ৬০টা পার্কিউপাইন পেলাই কেনেকৈ 15.64 লাখ টকা উলিয়াই নিলে দুর্নীতিগ্রস্ত ঠিকাদাৰগৰাকীয়ে ।"
আঁচনি ৰূপায়ণৰ নামত বৃহৎ কেলেংকাৰি সংঘটিত কৰা ঠিকাদাৰ, বিষয়া আৰু জনপ্রতিনিধিসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈ এম এ চিক নৈপৰীয়া ৰাইজে দাবী জনাইছে । সমান্তৰালভাৱে বিষয়টোৰ ওপৰত এটা উচ্চ পৰ্যায়ৰ তদন্তও দাবী কৰিছে ৰাইজে ।
লগতে পঢ়ক:বাৰিষাৰ আগতেই কৰা হ'ব গৰাখহনীয়া ৰোধৰ ব্যৱস্থা; পীযুষ হাজৰীকাৰ আশ্বাস - MEASURES TO PREVENT EROSION