অসম

assam

ETV Bharat / state

ভুল চিকিৎসাৰ বলি হৈ মৃত্যুৰে যুঁজিছে ৱাৰ্ড কমিছনাৰে: চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ - ALLEGATION AGAINST DOCTOR - ALLEGATION AGAINST DOCTOR

Wrong treatment : চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈ মৃত্যুৰে যুঁজিছে ৱাৰ্ড কমিছনাৰে ৷ অভিযোগ অনুসৰি মেডিকেল কলেজত চিকিৎসা নকৰি ব্যক্তিগত হাস্পতালত চিকিৎসাৰ পৰামৰ্শ দিয়ে চিকিৎসকগৰাকীয়ে ৷

ALLEGATION AGAINST DOCTOR
ব্যক্তিগত হাস্পতালত চিকিৎসা কৰাৰ পৰামৰ্শ চিকিৎসকৰ (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 10:15 PM IST

শিলচৰ, 28 জুন : চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা নকৰি ব্যক্তিগত হাস্পতালত চিকিৎসা কৰাৰ পৰামৰ্শ চিকিৎসকৰ ! চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ ৷ আনহাতে এইগৰাকী চিকিৎসকৰে ভুল চিকিৎসাৰ বলি হৈ মৃত্যুৰে যুঁজিছে এগৰাকী ৱাৰ্ড কমিছনাৰ ৷ এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডাঃ সম্বুদ্ধ ধৰৰ বিৰুদ্ধে ৷

চিকিৎসকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ (ETV BHARAT ASSAM)

শিলচৰৰ এখন ব্যক্তিগত হাস্পতালৰ লগত মিলি ছিণ্ডিকেট চলোৱাৰ অভিযোগ উত্থাপন হৈছে শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ নিউৰ' চাৰ্জন ডাঃ সম্বুদ্ধ ধৰৰ বিৰুদ্ধে ৷ অভিযোগ অনুসৰি চিকিৎসকগৰাকীৰ ওচৰলৈ চিকিৎসাৰ বাবে যোৱা ৰোগীসকলক মেডিকেল কলেজত চিকিৎসা নকৰি শিলচৰৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাৰ পৰামৰ্শ দিয়ে তেওঁ ৷ চিকিৎসকগৰাকীৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন কৰি সৰব হৈছে কাছাৰৰ সোনাইৰ একাংশ ৰাইজ ৷

ইফালে কাছাৰৰ সোনাই পৌৰসভাৰ নেবুল হুছেইন নামৰ এগৰাকী ৱাৰ্ড কমিছনাৰক ডাঃ সম্বুদ্ধ ধৰৰ ভুল চিকিৎসাৰ বলি হোৱা বুলি অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি শিলচৰ মেহেপুৰত থকা প্ৰাক্তন সাংসদ ৰাজদ্বীপ ৰয়ৰ ব্যক্তিগত চিকিৎসালয় জীৱন জ্যোতি হাস্পতালত চিকিৎসা কৰোৱা হৈছিল ভুক্তভোগী নেবুল হুছেইনৰ ৷ হাস্পতালত টকাৰ বাবে এবাৰ নহয় তিনিবাৰ অস্ত্ৰোপচাৰ কৰা হৈছিল ৱাৰ্ড কমিছনাৰগৰাকীৰ ৷ কিন্তু ইয়াৰ পাচতে নেবুলৰ শাৰীৰিক অৱস্থাৰ অৱনতি হোৱা পৰিয়ালৰ লোকে গুৱাহাটীলৈ লৈ যায় ৷ বৰ্তমান গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসা চলি আছে নেবুল হুছেইনৰ ৷

লগতে পঢ়ক :চৰকাৰী কাৰ্যালয়ত মুকলিকৈ চলিছে বনধ্বংস যজ্ঞ: স্থানীয় দল-সংগঠনৰ ক্ষোভ প্ৰকাশ - Deforestation in Golaghat

এই ঘটনাৰ পাচত সোনাইৰ সাধাৰণ ৰাইজ ক্ষোভিত হৈ পৰিছে ৷ ৰাইজৰ অভিযোগ, শিলচৰ মেডিকেল কলেজৰ নিউৰ চাৰ্জন ডাঃ সম্বুদ্ধ ধৰে শিলচৰৰ এখন ব্যক্তিগত হাস্পতালৰ লগত মিলি ছিণ্ডিকেট চলাই আছে ৷ ৰোগী সকলক চিকিৎসাৰৰ বাবে গ’লে মেডিকেল কলেজত চিকিৎসা নকৰি প্ৰাক্তন সাংসদ ৰাজদ্বীপ ৰয়ৰ হাস্পতালত চিকিৎসা কৰাৰ পৰামৰ্শ প্ৰদান কৰে ডাঃ সম্বুদ্ধ ধৰে; এই অভিযোগ কৰিছে সোনাইৰ ৰাইজে ৷

তেওঁলোকৰ অভিযোগ, দীৰ্ঘদিনৰ পৰা ডাঃ সম্বুদ্ধ ধৰে জীৱন জ্যোতি হাস্পতালৰ লগত মিলি শিলচৰত চিকিৎসাৰ ছিণ্ডিকেট চলাই আহিছে ৷ অৰ্থৰ লোভত চিকিৎসকগৰাকীয়ে শিলচৰ মেডিকেল কলেজত ৰোগীৰ চিকিৎসা নকৰি ব্যক্তিগত চিকিৎসালয়ত চলাই গৈছে চিকিৎসা ৷ এই বিষয়ত মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি শীঘ্ৰেই এইগৰাকী চিকিৎসকৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে ৷

লগতে পঢ়ক :POCSO আদালতত শিশু নিৰ্যাতনৰ গোচৰ : শুনানিৰ পিছতে মূৰ্চ্ছা গ’ল বিতৰ্কিত চিকিৎসক ৱালিউল ইছলাম - Child Abuse Case in Guwahati

ABOUT THE AUTHOR

...view details