অসম

assam

আৰক্ষী পৰিদৰ্শকৰ চিনাকি দি সৰুপথাৰত লুটিলে ৭ লাখ টকা - fake police officer at sarupathar

By ETV Bharat Assamese Team

Published : Sep 16, 2024, 4:42 PM IST

Updated : Sep 16, 2024, 4:49 PM IST

Sarupathar Fraud Case : ৰাজ্যত অব্যাহত আছে ভুৱা আৰক্ষী বিষয়াৰ নামত প্ৰৱঞ্চনাৰ জাল । এইবাৰ তেনে এক ভুৱা আৰক্ষী বিষয়াৰ প্ৰৱঞ্চনাৰ অভিযোগ উঠিছে সৰুপথাৰত । সৰুপথাৰত আৰক্ষী পৰিদৰ্শকৰ চিনাকি দি স্থানীয় ছুপাৰি বিক্ৰী কৰাৰ নামত নগাঁৱৰ ছুপাৰি ব্যৱসায়ীৰ পৰা ৭ লাখ লুট কৰা অভিযোগ উত্থাপন হৈছে ।

Sarupathar Fraud Case
আৰক্ষী পৰিদৰ্শকৰ চিনাকি দি সৰুপথাৰত লুটিলে ৭ লাখ টকা (ETV Bharat Assam)

সৰুপথাৰ, ১৬ ছেপ্টেম্বৰ : ৰাজ্যত নতুন নতুন কৌশলেৰে প্ৰৱঞ্চকে মেলিছে প্ৰৱঞ্চনাৰ জাল । এইবাৰ সৰুপথাৰত ভুৱা আৰক্ষী পৰিদৰ্শকৰ নাম লৈ এটা দুষ্টচক্ৰই ছুপাৰি ব্যৱসায়ীৰ পৰা নগদ ৭ লাখ টকা লুট কৰাৰ অভিযোগ উত্থাপন হৈছে । সৰুপথাৰৰ অসম-নাগালেণ্ড সীমান্তৰ নিতেজু বস্তিৰ ইনতাজ খান আৰু নিজকে আৰক্ষী পৰিদৰ্শক তথা এখন থানাৰ অ' চি বুলি পৰিচয় দিয়া এজন ব্যক্তিয়ে নগাঁৱৰ এজন ছুপাৰি ব্যৱসায়ীৰ পৰা ৭ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উঠিছে ।

আৰক্ষী পৰিদৰ্শকৰ চিনাকি দি সৰুপথাৰত লুটিলে ৭ লাখ টকা (ETV Bharat Assam)

নগাঁৱৰ ছুপাৰি ব্যৱসায়ীজনে অভিযোগ কৰা অনুসৰি, ছুপাৰি বিক্ৰী কৰিম বুলি মাতি আনি তেওঁৰ পৰা নগদ ৬.৫০ লাখ আৰু অনলাইনযোগে ৫০ হাজাৰ টকা আত্মসাৎ কৰে এই দুয়োৱে ।

কিন্তু কোন সেইগৰাকী ভুৱা আৰক্ষী পৰিদৰ্শক, সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই । আৰক্ষীৰ তদন্তৰ পিচতহে এইকথা পোহৰলৈ আহিব ।

ঘটনাৰ বিৱৰণী অনুসৰি, নগাঁও জিলাৰ ৰূপহীৰ ৰহমত আলী আৰু ৰাবানা আলম নামৰ ছুপাৰি ব্যৱসায়ী দুটাক আবুল হুছেইন নামৰ অসম-নাগালেণ্ড সীমান্তত তামোলৰ ব্যৱসায় কৰা এজন লোকৰ জৰিয়তে কৌশলেৰে সৰুপথাৰলৈ মাতি আনে দুষ্ট চক্ৰটোৱে । তাত ইনতাজ খান আৰু নিজকে আৰক্ষীৰ পৰিদৰ্শক বুলি চিনাকি দিয়া আন এজনে মিলি ৩১ কুইণ্টল স্থানীয় ছুপাৰি বিক্ৰী কৰাৰ প্ৰলোভন দি ৭ লাখ টকা ব্যৱসায়ী দুজনৰ পৰা আদায় কৰি উধাও হয় ।

ইফালে তেওঁলোক প্ৰৱঞ্চনাৰ বলি হোৱা বুলি অনুমান কৰি দলটোৰ বিৰুদ্ধে নগাঁৱৰ ব্যৱসায়ী ৰহমত আলীয়ে দেওবাৰে নিশা সৰুপথাৰ থানাত এখন এজাহাৰ দাখিল কৰে ।

উল্লেখ্য যে উক্ত চক্ৰটোৱে দীৰ্ঘদিনৰ পৰা বিভিন্ন লোকক নতুন নতুন কৌশলেৰে প্ৰৱঞ্চনাৰ জালত পেলাই ধন লুট কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে । সৰুপথাৰ আৰক্ষীয়ে ইতিমধ্যে এই দুষ্টচক্ৰটোৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক :লক আপৰ পৰা নিশাই কিয় চিকিৎসালয়লৈ নিয়া হ’ল চুমী-তাৰ্কিকক ? - Assam Trading Scam
লগতে পঢ়ক :ট্ৰেডিং কেলেংকাৰী; ভুৱা প্ৰচাৰৰ বলি হ'ল নেকি জ্যেষ্ঠ চিকিৎসক ? - Assam Trading Scam
Last Updated : Sep 16, 2024, 4:49 PM IST

ABOUT THE AUTHOR

...view details