গুৱাহাটী, ২৮ ছেপ্টেম্বৰ: গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক লজ্জাজনক কাণ্ড । ল’জৰ বন্ধ কোঠাত দশম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পিচতেই পোহৰলৈ আহিছে বহতো অনিয়ম । পাৰ্টী কৰাৰ চলেৰে মাতি নিয়াৰ পিচত এটা ল’জত সংঘটিত হ’ল এক দলবদ্ধ ধৰ্ষণৰ ঘটনা । ডাউন টাউনৰ মীনাক্ষী ল’জত সংঘটিত হয় এই ভয়ংকৰ কাণ্ডটো ।
খাদ্যত মিহলাই দিছিল নিচাজাতীয় দ্ৰব্য
যোৱা বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো । পাৰ্টী কৰাৰ চলেৰে দুই অভিযুক্ত প্ৰিন্স কুমাৰ ৰায় আৰু গুলাম হাছান ৰাজাই ল’জটোলৈ আনিছিল দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক । পাৰ্টী চলি থকাৰ মাজতে ছাত্ৰীগৰাকীৰ খোৱা খাদ্যত দুই অভিযুক্তই মনে মনে মিহলাই দিয়ে নিচাজাতীয় দ্ৰব্য ।
ঘটনাৰ বিষয়ে কাকো নক'বলৈ দিছিল ভাবুকি
নিচাজাতীয় দ্ৰৱ্য মিহলাই দিয়া খাদ্য খোৱাৰ পিচতে অচেতন হৈ পৰে ছাত্ৰীগৰাকী । তাৰ পিছতে দুই অভিযুক্তই দলবদ্ধ ধৰ্ষণ কৰে ছাত্ৰীগৰাকীক । পাছত ছাত্ৰীগৰাকীক এই কথা কাকো নক’বলৈ ভাবুকি প্ৰদান কৰে অভিযুক্ত দুটাই । প্ৰথম অৱস্থাত যদিও ভুক্তভোগী ছাত্ৰীগৰাকীয়ে আৰক্ষীৰ ওচৰ চপা নাছিল পিচত শুকুৰবাৰে সন্ধিয়াৰ ভাগত ছাত্ৰীগৰাকীয়ে সমগ্ৰ ঘটনা দিছপুৰ আৰক্ষীক অৱগত কৰে ।