অসম

assam

ETV Bharat / state

কৃষি বিভাগৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনত আশাহত ৰাজ্যৰ কৃষক - assam Agriculture Department - ASSAM AGRICULTURE DEPARTMENT

Advertisement of assam Agriculture Department : কৃষি বিভাগৰ এটা বিজ্ঞাপনে আশাহত কৰিছে ৰাজ্যক কৃষকক ৷ সামঞ্জস্যহীন তথ্য সম্বলিত বিজ্ঞাপনৰ বাবে প্ৰাপ্য লাভৰ পৰা বঞ্চিত হ’ল খেতিয়ক ৷ ক্ষোভ প্ৰকাশ আৰ টি আই কৰ্মী দিলীপ নাথৰ ৷

Error in the advertisement of the assam Agriculture Department
কৃষি বিভাগৰ বিভ্ৰান্তিকৰ বিজ্ঞাপন (Etv bharat assam)

By ETV Bharat Assamese Team

Published : May 18, 2024, 4:17 PM IST

কৃষি বিভাগৰ বিভ্ৰান্তিকৰ বিজ্ঞাপন (Etv bharat assam)

তেজপুৰ, 18 মে': ৰাজ্যৰ কৃষি বিভাগৰ আজৱ কাণ্ড । বিজ্ঞাপনে ৰাজ্যৰ কৃষকক অনিশ্চয়তাত পেলাইছে বুলি অভিযোগ বিশিষ্ট আৰ টি আই কৰ্মী দিলীপ নাথৰ । উল্লেখ্য যে, যোৱা 8 ফেব্ৰুৱাৰীত কৃষি বিভাগে বাতৰি কাকতৰ জৰিয়তে প্ৰকাশ কৰিছিল এক বিজ্ঞাপন ৷ উক্ত বিজ্ঞাপনটোত উল্লেখ আছে যে অসমৰ সকলো জিলাৰ কৃষক উপকৃত হোৱাকৈ কৃষকসকলে চৰকাৰী নথি-পত্ৰ দাখিল কৰিলে একোটাকৈ মেচিন পাম্প প্ৰদান কৰিব কৰা হ’ব । কোনো জিলাত 100 যদি কোনো জিলাত 120 টাকৈ প্ৰদান কৰা হ’ব ।

ইয়াৰ লগতে বিজ্ঞাপনটোত কোৱা হৈছে প্ৰতিগৰাকী কৃষকৰ 15 বিঘা কৃষি ভূমি থকাৰ প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব, ইয়ে সাধাৰণ কৃষকৰ মাজত অসুবিধা সৃষ্টি কৰিছে । কাৰণ কৃষকে এই প্ৰমাণ পত্ৰ নিৰ্দিষ্ট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা লাভ নকৰে । অসম চৰকাৰে শেহতীয়াকৈ মুকলি কৰা মিছন বসুন্ধৰা আঁচনিৰ জৰিয়তে এজন কৃষকে মাত্ৰ 7 বিঘা কৃষি ভূমিৰহে প্ৰমাণ পত্ৰ লাভ কৰিব ।

কৃষি বিভাগৰ বিভ্ৰান্তিকৰ বিজ্ঞাপন (Etv bharat assam)

এই সন্দৰ্ভত বিশিষ্ট আৰ টি আই কৰ্মী দিলীপ নাথে কয়, "এই নীতিৰ আধাৰত অসমৰ কোনো কৃষকে এই চৰকাৰী আঁচনিৰ লাভ আদায় কৰিবলৈ সক্ষম নহ’ব । এই বিজ্ঞাপনৰ আধাৰত কোনো কৃষকে এই আঁচনি লাভ কৰিবলৈ নোৱাৰিব । যদি এজন কৃষকৰ হাতত 15 বিঘা কৃষি ভূমি থাকে তেওঁ এই কৃষি কাৰ্যত ব্যৱহৃত মেচিন পাম্প নিজেই কিনিবলৈ সক্ষম হ’ব ।"

নাথে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কৃষকৰ উপযোগী তথা লাভান্বিত হোৱাকৈ পুনৰ বিজ্ঞাপন প্ৰকাশ কৰিবলৈ অনুৰোধ জনায় ।

মন কৰিবলগীয়া যে অসমত বৰ্তমান ধান খেতিৰ সময় ৷ অৱশ্যে খেতিপথাৰত পানীৰ যোগান নাই । খেতিয়কে কঁঠিয়া পেলাবলৈ পথাৰত পৰ্যাপ্ত পানী যোগান নাই ৷ যাৰ ফলস্বৰূপে চৰকাৰৰ কৃষি বিভাগে এনে ধৰণৰ মেচিন পাম্প যিসকল কৃষকে কিনিবলৈ সক্ষম নহয় তেনে কৃষকৰ খেতিপথাৰলৈ পানী যোগান ধৰিবলৈ এই মেচিন পাম্প প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছে ।

কিন্ত বিভাগীয় বিজ্ঞাপন অনুসৰি কৃষকে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা কোনো কাৰণতে 15 বিঘা কৃষিভূমিৰ প্ৰমাণ পত্ৰ লাভ কৰিব নোৱাৰে ।

লগতে পঢ়ক:ৰাজ্যত অভাৱনীয় হাৰত কমিছে বৰষুণ, স্বাভাৱিকতকৈ ৩৩% কম হৈছে বৰষুণ - Rainfall Rates in Assam

ABOUT THE AUTHOR

...view details