জোনাই, ২৭ জুলাই : শনিবাৰে জোনাইত তীব্ৰ হতাহতিৰ সৃষ্টি হ’ল মিচিং জাতীয় সংগঠন টি এম পি কে আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মাজত ৷ শিশু শ্ৰমিকক কেন্দ্ৰ কৰি দুই সংগঠনৰ কৰ্মীৰ মাজত এই হতাহতিৰ সৃষ্টি হয় ৷
জানিব পৰামতে বৃহস্পতিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় উপ-সভাপতি চেইফ পাৱৰ নিজা এখন দোকানগৃহ নিৰ্মাণ কৰি থকা অৱস্থাত তেওঁৰ মিস্ত্ৰীগৰাকীয়ে দুটি শিশু শ্ৰমিকক কামত নিয়োগ কৰে ৷ তেনে সময়তে মিচিং জাতীয় সংগঠন টি এম পি কেৰ একাংশ কৰ্মীয়ে শিশু দুটিক কাম কৰি থকা প্ৰত্যক্ষ কৰাত জোনাই থানাত গতাই দি পিচত চেইফ পাৱৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ।
উক্ত এজাহাৰৰ ভিত্তিত কৃষক নেতাগৰাকীক নিশা জোনাই থানাত আৰক্ষীয়ে আৱদ্ধ কৰি ৰাখে যদিও শুকুৰবাৰে কৃষক নেতাগৰাকীয়ে জামিন লাভ কৰে । ইফালে জামিন লাভ কৰাৰ পিচতে কৃষক নেতাগৰাকীয়ে ধেমাজি জিলাৰ লগতে জোনাইৰ বিভিন্ন অঞ্চলত চৰকাৰী কামৰ দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে মাত মাতি অহাৰ কাৰণে তেওঁক আইনগতভাৱে হত্যা কৰাৰ চেষ্টা চলোৱা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।
এই ঘটনাৰ পিচতে শনিবাৰে পুনৰ কৃষক নেতাগৰাকীয়ে তেওঁৰ নিৰ্মাণৰত অৱস্থাত থকা দোকানগৃহৰ কাষতে থকা এখন হোটেলত চাহ খাই থকা অৱস্থাত মিচিং জাতীয় সংগঠন টি এম পি কেৰ এটা ১০০ জনীয়া দলে তেওঁক প্ৰচণ্ডভাৱে মাৰধৰ কৰাৰ অভিযোগ উত্থাপিত হয় ৷ অভিযোগ অনুসৰি উক্ত স্থানৰ পৰা বলপূৰ্বকভাৱে এখন চাৰিচকীয়া বাহনত উঠাই লৈ জোনাইৰ বগৰীগুৰি নামৰ নিজান ঠাইত এটা বস্তাত ভৰাই শৰীৰৰ বিভিন্ন অংশত শিল তথা চোকা শস্ত্ৰৰে আঘাত কৰি গুৰুতৰভাৱে কৃষক নেতাগৰাকীক আহত কৰে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।