অসম

assam

ETV Bharat / state

কোন সঁচা-কোন মিছা ? টকা চুৰিৰ সন্দেহত অষ্টম শ্ৰেণীৰ ছাত্ৰক মাৰপিট কৰাৰ অভিযোগ

ধুবুৰীত এইবাৰ মৰেল পুলিচৰ দপদপনি ! একাংশ লোকে অষ্টম শ্ৰেণীৰ এজন ছাত্ৰক মাৰপিট কৰাৰ অভিযোগ ।

By ETV Bharat Assamese Team

Published : 5 hours ago

Moral policing
অষ্টম শ্ৰেণীৰ এজন ছাত্ৰক মাৰপিট কৰাৰ অভিযোগ (ETV Bharat Assam)

ধুবুৰী, 17 অক্টোবৰ : এইবাৰ ধুবুৰীত ভুৱা অভিযোগত এজন কিশোৰক মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ কেইটামান টকাৰ বাবে মাক-দেউতাক নথকা অৱস্থাত ঘৰৰ পৰা এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰক চোঁচৰাই আনি একাংশ লোকে মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ কৰিছে ভুক্তভোগীৰ আত্মীয়ৰ লগতে ভুক্তভোগীগৰাকীয়েও ৷

ভুক্তভোগীৰ আত্মীয়ই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে, দুৰ্গা পূজা চাই ঘৰতে শুই আছিল ভুক্তভোগী কিশোৰজন ৷ তেতিয়াই হাবেজ আলী নামৰ লোকজনৰ ঘৰৰ পৰা 3 হাজাৰ টকা হেৰায় ৷ সেই টকাকেইটা ভুক্তভোগী কিশোৰজনে চুৰি কৰি নিছে বুলি অভিযোগ উত্থাপন কৰে হাবেজ আলীৰ ঘৰৰ লোকে ৷ সেই অভিযোগতে নিজ ঘৰত শুই থকা অৱস্থাৰ পৰা কিশোৰগৰাকীক আনি মাৰপিট কৰে ৷

অষ্টম শ্ৰেণীৰ এজন ছাত্ৰক মাৰপিট কৰাৰ অভিযোগ (ETV Bharat Assam)

ভুক্তভোগীৰ আত্মীয়ই উল্লেখ কৰা মতে, প্ৰায় 6-7 জনীয়া লোকৰ এটা দলে কিশোৰটিক মাৰপিট কৰি চাজাহান আলীৰ ঘৰৰ চাদৰ ওপৰত হাত-ভৰি বান্ধি থয় ৷ লগতে কিশোৰটিক মৃত্যুৰ ভাবুকিও দিয়া বুলি অভিযোগ উত্থাপন কৰে তেওঁৰ আত্মীয়ই ৷ যাৰ বাবে কিশোৰটিয়ে ভয়তে টকাকেইটা তেওঁৱে চুৰি কৰা বুলি স্বীকাৰ কৰে ৷

লগতে গৌৰীপুৰ থানাৰ অন্তৰ্গত নিবাসী অষ্টম শ্ৰেণীৰ ছাত্ৰজনক বিদ্যালয়লৈ যোৱাতো বাধা আৰোপ কৰি হাবেজ নামৰ এজন লোকৰ দোকানত কাম কৰিবলৈ বাধ্য কৰাই বুলি অভিযোগ উত্থাপন কৰে ভুক্তভোগীগৰাকীয়ে ৷ ইতিমধ্যেই গৌৰীপুৰ আৰক্ষী থানাত ভুক্তভোগীৰ আত্মীয়ই ঘটনা সন্দৰ্ভত এক এজাহাৰ দাখিল কৰে ৷ এজাহাৰত ঘটনাত জড়িত থকাৰ অভিযোগত চাহজাহান আলী, হাবেজ আলী আৰু জামিলা বিবিৰ নাম উল্লেখ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :যৌতুকৰ বাবেই হত্যাৰ অভিযোগ, স্বামীৰ পৰিয়ালৰ মতে এয়া আত্মহত্যা - Charges of Murder for Dowry

ABOUT THE AUTHOR

...view details