আমগুৰি, ২৮ আগষ্ট :আমগুৰিৰ সৌৰশক্তি প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত সদৌ তাই আহোম ছাত্র সন্থাৰ । আমগুৰি সৌৰশক্তি প্ৰকল্পৰ জৰিয়তে আমগুৰিৰ ৰাইজ উপকৃত নোহোৱাৰ অভিযোগ তুল সৌৰশক্তি প্ৰকল্পটোৰ ১নং গে'টৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় ।
আমগুৰি সৌৰশক্তি প্ৰকল্পৰ বিৰুদ্ধে তাই আহোম ছাত্র সন্থাৰ প্ৰতিবাদ (ETV Bharat Assam) প্ৰকল্পৰ দাঁতিকাষৰীয়া গাঁওসমূহৰ (বিশেষকৈ ভূমি ক্ষতিগ্ৰস্ত ৰাইজৰ) বাট-পথবিলাকৰ উন্নতিসাধন কৰা, প্ৰকল্পৰ কাষৰ গাঁওসমূহৰ পথবিলাকত সৌৰলাইটৰ ব্যৱস্থা কৰা, প্ৰকল্পৰ কাষৰ খেলপথাৰকেইখনৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ লগতে তাত পৰ্যাপ্ত পৰিমাণৰ লাইটৰ ব্যৱস্থা কৰা, প্ৰকল্পৰ কাষৰ গাঁওকেইখনৰ ৰাইজৰ সুবিধা হোৱাকৈ উন্নত স্বাস্থ্য শিবিৰৰ ব্যৱস্থা কৰাৰ দাবীত গ্ৰহণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচী ।
সদৌ তাই আহোম ছাত্র সন্থাৰ আমগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু স্থানীয় লোকৰ অংশগ্ৰহণেৰে গ্ৰহণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী । উল্লেখ্য যে শিৱসাগৰ জিলাৰ আমগুৰিবাসী ৰাইজৰ আৱেগ তথা সপোনৰ প্ৰকল্প আমগুৰি পাৱাৰ প্ৰজেক্ট বৰ্তমান কাৰ্যক্ষম হৈছে যদিও ইয়াৰ জৰিয়তে আমগুৰিৰ ৰাইজৰ কোনো লাভ নোহোৱাত সদৌ তাই আহোম ছাত্র সন্থাৰ আমগুৰি আঞ্চলিক সমিতিয়ে ধাৰাবাহিক আন্দোলন কৰাৰ হুংকাৰ দিছে ।
অসম আন্দোলনৰ পৰৱৰ্তী সময়ত তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন অগপ চৰকাৰৰ দিনত আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাই ৩৬০ মেগাৱাটৰ গেছভিত্তিক থাৰ্ম'-ইলেকট্ৰিচিটী প্ৰকল্পৰ সপোন দেখিছিল । তাৰেই ভিত্তিত ১৯৯০ চনতে প্ৰফুল্ল কুমাৰ মহন্তই ইয়াৰ আধাৰশিলা স্থাপন কৰিছিল । পাছলৈ অৱশ্যে ইয়াৰ ক্ষমতা ১০০ মেগাৱাটলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হয় ।
আনহাতে, আমগুৰিবাসী ৰাইজেও বহু আশাৰে মুক্তহস্তে নিজৰ খেতি কৰা ভূমি, বাঁহনি, কাঠনিকে আদি কৰি ৩৪০ একৰ মাটি প্ৰকল্পৰ স্বাৰ্থত ত্যাগ কৰিছিল । আমগুৰিবাসীয়ে সপোন দেখিছিল যে ইয়াত এটা ডাঙৰ প্ৰকল্প স্থাপন হ'ব, শিক্ষিত যুৱকে ঘৰৰ ওচৰতে সংস্থাপন পাব । কিন্তু ৰাজনৈতিক পাকচক্ৰত পৰি সেই সময়ত বিষয়টি স্থৱিৰ হৈ পৰে । অৱশেষত বিজেপি চৰকাৰ অহাৰ পাচত ২০১৯ চনৰ ১৯ ফেব্ৰুৱাৰী তাৰিখে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৭০ মেগাৱাটৰ সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু জেকচন কোম্পানীয়ে ইয়াৰ নিৰ্মাণৰ কাম হাতত লয় ।
অৱশেষত ২০২২ চনৰ ৩১ মে' তাৰিখে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ শুভ উদ্বোধন কৰে । কিন্তু সদৌ তাই আহোম ছাত্র সন্থাই প্ৰশ্ন কৰে যে এই সৌৰশক্তি প্ৰকল্পৰ পৰা আমগুৰিবাসীৰ লাভ কি হ'ল ? পূৰ্বে ইয়াৰ বাঁহনি-কাঠনিৰ পৰা বাঁহ অথবা গছ এডাল বিক্ৰী কৰি, বাম মাটিবিলাকত খেতি কৰি বহুতো পৰিয়াল চলি আছিল । বৰ্তমান সেই পৰিৱেশ নাইকিয়া হ'ল ।
গেছভিত্তিক থাৰ্ম'-ইলেক্ট্ৰিচিটী প্ৰকল্প নিৰ্মাণ হ'লে তাত বহুতো স্থানীয় নিবনুৱা সংস্থাপিত হ'ব বুলি আশা কৰিছিল । কিন্তু ৰাইজৰ সেই আশাত চেঁচাপানী পৰে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধনী ভাষণত কৈছিল যে আমগুৰিৰ বিদ্যুৎ নাটনিৰ সমস্যাৰ অৱসান ঘটাই ২৪ ঘণ্টাই যাতে বিদ্যুৎ উপলব্ধ হয় তাৰ ব্যৱস্থা কৰিব লাগে ।
কিন্তু সেয়াও আজি পৰ্যন্ত হৈ নুঠিল । কোম্পানীটোৱে এই প্ৰকল্পৰ পৰা বিগত দুটা বছৰে উপাৰ্জন কৰিছে ঠিকেই, কিন্তু কাষৰীয়া ভূমি ক্ষতিগ্ৰস্ত ৰাইজৰ প্ৰতি আজি পৰ্যন্ত অলপো দায়বদ্ধতাৰ প্ৰদৰ্শন নকৰাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে ।