অসম

assam

শিক্ষক দিৱসৰ উপহাৰ নহয়, নিৰাপত্তাহে লাগে ! - Teachers Day 2024

By ETV Bharat Assamese Team

Published : Sep 5, 2024, 6:12 PM IST

Teachers Day 2024: শিক্ষক দিৱসৰ দিনাই সংবাদমেল সম্বোধন কৰি ভুগি থকা সমস্যাৰ কথা উল্লেখ কৰিলে ৰাজ্যৰ একাংশ ঠিকাভিত্তিক শিক্ষকে । অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিক প্ৰতিষ্ঠানসমূহৰ অংশকালীন আৰু ঠিকাভিত্তিক শিক্ষকসকলে চাকৰিৰ নিৰাপত্তাৰ দাবী উত্থাপন কৰে ।

Teachers Day 2024
শিক্ষক দিৱসৰ উপহাৰ নহয় লাগে নিৰাপত্তা (ETV Bharat)

যোৰহাট,৫ ছেপ্টেম্বৰ :আজি শিক্ষক দিৱস । দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰো প্ৰতিখন বিদ্যালয়, মহাবিদ্যালয় তথা শিক্ষা প্ৰতিষ্ঠানত শিক্ষক দিৱস পালন কৰা হৈছে । শ্ৰদ্ধাৰ শিক্ষকসকলক শিক্ষাৰ্থীসকলে উপহাৰ দিছে আৰু সম্বৰ্ধনা জ্ঞাপন কৰিছে । ইয়াৰ মাজতে নিৰাপত্তা বিচাৰি চৰকাৰৰ ওচৰত প্ৰাৰ্থনা জনাইছে ৰাজ্যৰ একাংশ শিক্ষকে । চাকৰিৰ নিৰাপত্তা বিচাৰি উচুপি উঠিল একাংশ ঠিকাভিত্তিক শিক্ষক । শিক্ষক দিৱসৰ দিনাই যোৰহাট প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি অসম চৰকাৰক বিশেষ অনুৰোধ জনালে একাংশ শিক্ষকে ।

শিক্ষক দিৱসৰ উপহাৰ নহয় লাগে নিৰাপত্তা (ETV Bharat)

ঠিকাভিত্তিক শিক্ষকৰ সমস্যা

উল্লেখ্য যে বছৰ বছৰ ধৰি নিয়মীয়া শিক্ষকৰ জোৰা মাৰিবলৈ অপাৰগ অসম চৰকাৰৰ শিক্ষা বিভাগে শিক্ষানুষ্ঠানৰ অধ্যক্ষৰ জৰিয়তে ৰাজ্যৰ বহু অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিক প্ৰতিষ্ঠানসমূহত অংশকালীন আৰু ঠিকাভিত্তিক শিক্ষক নিযুক্তি দিছিল । সেইসকল শিক্ষকে অতি নিষ্ঠাৰে নিয়মীয়া পাঠদানৰ বাহিৰেও অন্যান্য কামো কৰি আহিছে । কিন্তু সেইসকল শিক্ষকে আজি চাকৰিৰ নিৰাপত্তাহীনতাত ভুগিছে । যাৰ বাবে শিক্ষক দিৱসৰ দিনাই সংবাদমেল সম্বোধন কৰি চাকৰিৰ নিৰাপত্তা প্ৰদানৰ বাবে সদৌ অসম কাৰিকৰী ঠিকাভিত্তিক শিক্ষক সংস্থাই চৰকাৰক আবেদন জনায় ।

দাবীসমূহ

সদৌ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিক প্ৰতিষ্ঠানসমূহৰ অংশকালীন আৰু ঠিকাভিত্তিক শিক্ষকসকলৰ হৈ সংবাদমেলত কেইবাটাও দাবী উত্থাপন কৰা হয় । দাবীসমূহৰ ভিতৰত আছে চৰকাৰৰ নিৰ্ধাৰিত অৱসৰপ্ৰাপ্তিৰ বয়সলৈকে চাকৰিৰ নিৰাপত্তা দিয়া, বৰ্তমানৰ ঘণ্টা ভিত্তিত দৰমহা দিয়াৰ নীতিৰ অৱসান ঘটাই পদবী অনুযায়ী নিৰ্ধাৰিত সমহাৰত দৰমহা দিয়া, মহিলা শিক্ষকৰ কাৰণে দৰমহাৰ সৈতে প্ৰসূতিকালীন ছুটীৰ ব্যৱস্থা কৰা, বছৰত নিৰ্ধাৰিত ছুটীৰ ব্যৱস্থা কৰা আদি ।

ঠিকাভিত্তিক শিক্ষকসকলক মানৱীয় দৃষ্টিৰে চাবলৈও চৰকাৰক আহ্বান জনোৱা হয় । উল্লেখ্য যে ঠিকাভিত্তিক শিক্ষকৰ চাকৰিৰ ম্যাদ ছেপ্টেম্বৰ মাহত শেষ হ'ব বুলি উচ্চ শিক্ষা বিভাগৰ বহু উচ্চ পদস্থ বিষয়াই জানিবলৈ দিয়াত অধিক শংকিত হৈ পৰিছে শিক্ষকসকল । ইফালে সেৱা সম্প্ৰসাৰণৰ অৰ্ডাৰ নৱীকৰণ নকৰাৰ বাবে বিগত ৪ মাহ ধৰি বেতন পোৱা নাই যদিও তেওঁলোকে শিক্ষাদানত ব্ৰতী হৈ আছে বুলিও শিক্ষকসকলে অৱগত কৰে । এনে পৰিস্থিতিত তেওঁলোকৰ সমস্যাসমূহ শীঘ্ৰে সমাধান কৰিবলৈ ঠিকাভিত্তিক শিক্ষক সমাজে চৰকাৰক আহ্বান জনায় ।

লগতে পঢ়ক :শিক্ষক দিৱস বৰ্জন অসম কলেজ শিক্ষক সংস্থাৰ - Teachers Day 2024

ABOUT THE AUTHOR

...view details