অসম

assam

ETV Bharat / state

২৬ অক্টোবৰত দিছপুৰ ঘেৰাও কৰিবলৈ আহি আছে অনুসূচিত জাতি ছাত্ৰ সন্থা

অনুসূচিত জাতিৰ হিতাধিকাৰীক সা-সামগ্ৰী বিতৰণৰ নামত কোটি কোটি টকা আত্মসাৎ । সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ অভিযোগ ৷

By ETV Bharat Assamese Team

Published : 4 hours ago

Scheduled Caste Student Union
সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা (ETV Bharat Assam)

গোলাঘাট:অনুসূচিত জাতিৰ লোকৰ উন্নয়নৰ বাবে আৱন্টিত ধনৰ দ্বাৰা কাৰ পকেট গৰম হৈছে তাক লৈ উত্তাল ৰাজ্য় । অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত সংঘটিত ১৪০ কোটি টকাৰ দুৰ্নীতিৰ আঁৰত আছে কোন ? কাৰ ছত্ৰছায়াত ঠিকাদাৰে লুন্ঠন চলাইছে তাক লৈ সৰৱ হৈছে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা ।

অসমত বসবাস কৰা অনুসূচিত জাতিৰ লোকক ভূমিৰ অধিকাৰ প্ৰদান, ভুৱা জাতিগত প্ৰমাণ পত্ৰ বাতিল কৰা, মিছন ভূমিপুত্ৰ বাতিল, মাজুলীৰ সতী ৰাধিকা সমন্বয় ক্ষেত্ৰ নিৰ্মাণ সম্পূৰ্ণ কৰা, অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীৰ জলপানি নিয়মীয়া কৰা আদি ১৫ দফীয়া দাবীত উত্তাল গোলাঘাট ।

সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা (ETV Bharat Assam)

শুকুৰবাৰে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত ৰাজ্যখনত বসবাস কৰা জাতিটোৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয় । উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি গোলাঘাট জিলা সমিতিৰ সভাপতি প্ৰণৱ প্ৰতীম দাসে কয়," অসমত এতিয়া আটাইতকৈ প্ৰতাৰিত আৰু নিস্পেষিত জাতিটো হ'ল অনুসূচিত জাতি ।

এই জাতিটোৰ প্ৰাপ্য অধিকাৰৰ বাবে অনুসূচিত জাতি ছাত্ৰ সন্থাই মাত মাতি আহিছে। অতিকৈ পৰিতাপৰ বিষয় যে অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত ১৪০ কোটি টকাৰ দুৰ্নীতি হৈছে । সেই দুৰ্নীতিত সঞ্চালিকা কুলশ্ৰী নাথ আৰু ঠিকাদাৰ নুপুৰ শ্বাহ জড়িত হৈ আছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জনাই আহিছো । বিভাগীয় মন্ত্ৰী পীযুষ হাজৰীকাক জনাই আহিছো । কিন্তু পৰিতাপৰ বিষয় এই যে মুখ্যমন্ত্ৰীৰ জ্ঞাতেই বিভাগীয় মন্ত্ৰীৰ সহযোগিতাত ১৪০ কোটি টকা কুলশ্ৰী নাথে ঠিকাদাৰ নুপুৰ শ্বাহৰ লগত মিলি লুন্ঠন কৰিছে।"

তেওঁ পুনৰ কয়," প্লাষ্টিকৰ সামগ্ৰী বিতৰণ কৰি অনুসূচিত জাতিৰ লোকৰ যি কল্যাণ সাধন কৰিব বিচাৰিছে তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছো। লগতে ৪০ শতাংশ অনুসূচিত জাতিৰ লোক বসবাস কৰা অঞ্চলত মিনি ষ্টেডিয়াম নিৰ্মাণ হ'ব লাগে । সেইক্ষেত্ৰত কোনো বাস্তৱ পদক্ষেপ গ্ৰহণ কৰা নাই । ইয়াৰ উদাহৰণ স্বৰূপে সৰুপথাৰ সমষ্টিৰ চাংপুলত যি মিনি ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে তাত কেৱল দুঘৰ অনুসূচিত জাতিৰ লোক আছে ।"

সতী ৰাধিকা ক'লাক্ষেত্ৰ সন্দৰ্ভত সৰৱ হৈ তেওঁ পুনৰ কয়,"সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত মাজুলীত সতী ৰাধিকা ক'লাক্ষেত্ৰৰ নামত ভূমি আবণ্টন দিছিল, কিন্তু হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ অন্তঃকন্দলৰ কাৰণে আজিলৈকে নিৰ্মাণ কৰা হোৱা নাই । অনুসূচিত জাতিৰ নামত সংৰক্ষিত আসনসমূহ আজিলৈকে পুৰণ কৰিব পৰা নাই ।"

২৬ অক্টোবৰত দিছপুৰ ঘেৰাও

অনুসূচিত জাতিৰ লোকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত অহা ২৬ অক্টোবৰত দিছপুৰ ঘেৰাও কাৰ্যসূচী ৰূপায়ন কৰা হ'ব বুলি সকীয়াই দিয়ে গোলাঘাট জিলা সমিতিৰ সভাপতি প্ৰণৱ প্ৰতীম দাসে । আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে জিলা আয়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি জাতিটোৰ সমস্যা সমাধান কৰিবলৈ দাবী জনায় । অন্যথা পৰৱৰ্তী সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰিবলৈ বাধ্য হ'ব বুলি সকীয়াই দিয়ে ।

লগতে পঢ়ক:সৰিয়হৰ ডুলিতে ভূত, দিছপুৰ সচিবালয়ত বিজেপি নেতাৰ প্ৰৱঞ্চনাৰ বৃহৎ জাল - Assam Secretariat

য'ত অনুসূচিত জাতিৰ গাঁওসমূহ আৰম্ভ হৈছে তাৰ পৰাই উন্নয়ন শেষ হৈছে: অনুসূচিত জাতি ছাত্ৰ সন্থা - Scheduled Caste inhabited areas

ABOUT THE AUTHOR

...view details