অসম

assam

ETV Bharat / state

অসমত এইবাৰ গৰিয়া লোকপিয়ল: লখিমপুৰৰ পৰা আৰম্ভ অভিযান - Census of Garia population - CENSUS OF GARIA POPULATION

Garia muslims in Assam: অসম চৰকাৰে খিলঞ্জীয়া ঘোষণা কৰা পাঁচটা মুছলমান সম্প্ৰদায়ৰ ভিতৰত অন্যতম হৈছে গৰিয়াসকল ৷ এইবাৰ অসমত গৰিয়াসকলৰ জনগণনা কৰিব সদৌ অসম গৰিয়া জাতীয় পৰিষদে ।

Garia muslims in Assam
অসমত এইবাৰ গৰিয়া লোকপিয়ল (ETV Bharat)

By ETV Bharat Assamese Team

Published : Sep 1, 2024, 9:25 PM IST

লখিমপুৰ, ১ ছেপ্টেম্বৰ :অসমৰ অন্যতম জনগোষ্ঠী গৰিয়াসকলৰ জনগণনা কৰিব সদৌ অসম গৰিয়া জাতীয় পৰিষদে । দেওবাৰে লখিমপুৰৰ পৰা এই জনগণনাৰ পাতনি মেলে পৰিষদে । লখিমপুৰ নগৰৰ কমলাবাৰী পথৰ বিবাহ ভৱনত আয়োজিত এখন সভাৰ জৰিয়তে ৰাজ্যজুৰি গৰিয়া জনগোষ্ঠীৰ জনগণনাৰ পাতনি মেলা হয় ।

অসমত এইবাৰ গৰিয়া লোকপিয়ল (ETV Bharat)

এই সন্দৰ্ভত সদৌ অসম গৰিয়া জনগোষ্ঠীৰ সভাপতি মইনুল ইছলাম গৰিয়া, উপ সভাপতি মেৰাজ উদ্দিন আহমেদে কয়, ‘‘গৰিয়া জনগোষ্ঠীৰ লোক অসমত কিমান আছে এই পৰ্যন্ত সেইয়া সঠিকভাৱে নিৰূপণ হোৱা নাই । আনহাতে গৰিয়া জনগোষ্ঠীক অ’বিচি মৰ্যদা দিব লাগে বুলি গৰিয়া জনগোষ্ঠীয়ে দীর্ঘদিন চৰকাৰক দাবী জনাই আহিছে । মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ দিয়া হৈছে । তাৰ আধাৰত এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অল আছাম বেকৱাৰ্ড ক্লাছ কমিচনক জনোৱা হৈছে । কিন্তু কমিচনে গৰিয়া জনগোষ্ঠীৰ জনসংখ্যা নিৰূপণ কৰিবলৈ পৰিষদক আহ্বান জনায় । সেই অনুসৰি সদৌ অসম গৰিয়া জাতীয় পৰিষদে সমগ্ৰ অসমত গৰিয়া জনগোষ্ঠীৰ জনগণনাৰ কাম আৰম্ভ কৰিছে আৰু আজি লখিমপুৰৰ পৰা এই জনগণনাৰ পাতনি মেলা হৈছে ।’’

পৰিষদৰ ৰাজ্যিক উপ-সভাপতি মেৰাজ উদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ৰাজ্যিক সভাপতি মইনুল ইছলাম গৰিয়া, উপদেষ্টা ইজাজুল হুছেইন, সাংগঠনিক সম্পাদক মুকিবুৰ ৰহমান, চৈয়দ উদ্দিন আহমেদ, উপ সভাপতি চিৰাজ উদ্দিন, ৰকিবুল আহমেদ বৰাকে ধৰি ভালেই জন ৰাজ্যিক নেতৃত্বই অংশগ্ৰহণ কৰে ।

সভাত ভাষণ দি বক্তাসকলে গৰিয়াসকলৰ এই জনগণনাই জনগোষ্ঠীটোক বহুলাংশে উপকৃত কৰিব বুলি আশাভৰা বক্তব্য প্ৰদান কৰে । তেওঁলোকে কয় যে, এই জনগণনাই জনগোষ্ঠীটোক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ লগতে জনগোষ্ঠীটোৰ সামগ্ৰিক বিকাশৰ হকে চৰকাৰৰ ওচৰত জনাই অহা দাবীসমূহ অধিক শক্তিশালী ৰূপত উপস্থাপন কৰাত সহায়ক হ’ব । বিভিন্ন সময়ত বিভিন্ন ধৰণে গৰিয়া জনগোষ্ঠীক উপস্থাপন কৰি অহাৰ বিপৰীতে এই জনগণনাৰ পাছত সঠিক ৰূপত জনগোষ্ঠীটোৱে পৰিচয় তুলি ধৰিব বুলি আশা প্ৰকাশ কৰি বক্তাসকলে গৰিয়া জনগোষ্ঠীৰ উত্তৰ পুৰুষকো উপকৃত কৰিব বুলি কয় ।

এই সভাতে সদৌ অসম গৰিয়া পৰিষদৰ লখিমপুৰ জিলা সমিতিখন আগন্তুক তিনি বছৰৰ বাবে নতুনকৈ গঠন কৰা হয় । ড৹ হামিদুৰ ৰহমান, ইমতিয়াজ হামিদ হাজৰিকা আৰু বাবলু হুছেইনক উপদেষ্টা, মুস্তাক উদ্দিন আহমেদক সভাপতি, তৌফিক হুছেইনক সাধাৰণ সম্পাদক তথা আন কেবাগৰাকীও সদস্যৰে সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ লখিমপুৰ জিলা সমিতিখন গঠন কৰা হয় । সভাত নৱ গঠিত সমিতিখনৰ সভাপতি আৰু সম্পাদকক আদৰণি জনাই গৰিয়া জনগোষ্ঠীৰ উন্নয়নৰ হকে বলিষ্ঠভাৱে কাম কৰিব বুলি সকলোৱে শুভেচ্ছা জ্ঞাপন কৰে ।

লগতে পঢ়ক:বৃটিছৰ দিনৰে পৰা চলি অহা নামাজ বিৰতিৰ বিলুপ্তিকৰণ ! বিৰোধিতা বিৰোধী বিধায়কৰ - Namaz Break of Assam Assembly

অতীজৰে পৰা চলি অহা এক পৰম্পৰা বন্ধ কৰি হিমন্ত বিশ্ব শৰ্মাই একো বীৰত্ব প্ৰদৰ্শন কৰা নাই: প্ৰদ্যুৎ বৰদলৈ - Namaz Break of Assam Assembly

ABOUT THE AUTHOR

...view details