গুৱাহাটী:আজি বিশ্ব বনৰৌ দিৱস । আজিৰ দিনটোতেই বনৰৌৰ এক উদ্বেগজনক তথ্য পোহৰলৈ আহিছে । অসমত এশিঙীয়া গঁড় হত্যা কমি আহিছে যদিও বিশ্বজুৰি বৰ্তমান সৰ্বাধিক সৰবৰাহ হোৱা স্তন্যপায়ী প্ৰাণী হৈছে বনৰৌ । বিশেষকৈ চীনা বনৰৌ আৰু ভাৰতীয় বনৰৌ অসম আৰু উত্তৰ-পূবত এক অভাৱনীয় সংকটৰ সন্মুখীন হৈছে । বেচৰকাৰী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে এক উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে ।
চোৰাং চিকাৰ আৰু অবৈধ ব্যৱসায়ৰ নেটৱৰ্কে এই লাজকুৰীয়া, নিশাচৰ প্ৰাণীবিধক বিলুপ্তিৰ পথলৈ ঠেলি দিছে । ২০২২ চনত সংশোধিত বন্যপ্ৰাণী (সুৰক্ষা) আইন-১৯৭২ৰ ১ নং অনুসূচীৰ অধীনত ভাৰতত লাভ কৰা সুৰক্ষা আৰু আই ইউ চি এনৰ 'ৰেড লিষ্ট'ত বনৰৌক 'অতি বিপন্ন' প্ৰাণী হিচাপে চিহ্নিত কৰাৰ পাছতো ইয়াৰ সৰবৰাহ চলি আছে ।
বনৰৌ জব্দৰ তথ্যই দাঙি ধৰিছে ভয়াবহ ছবি :
'আৰণ্যক' এ প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৮ ৰ পৰা ২০২২ চনৰ ভিতৰত ভাৰতত বনৰৌ সৰবৰাহৰ ৩৪২টা ঘটনা ধৰা পেলোৱা হৈছিল আৰু এই ঘটনাত ১২০০ৰো অধিক লোক জড়িত হৈ আছিল । এই সন্দৰ্ভত 'আৰণ্যক'ৰ সচিব প্ৰধান আৰু মুখ্য কাৰ্যবাহী বিষয়া ড৹ বিভৱ কুমাৰ তালুকদাৰে কয়, "এই সময়ছোৱাত উত্তৰ পূৰ্বাঞ্চলত কিমান বনৰৌ সৰবৰাহৰ ঘটনা ধৰা পৰিছে আৰু কিমান লোক গ্ৰেপ্তাৰ হৈছে ইয়াৰ সঠিক তথ্য নাই যদিও বন্যপ্ৰাণী সৰবৰাহৰ এটা প্ৰধান পথ উত্তৰ-পূব ভাৰতত উদ্বেগজনক হাৰত বনৰৌ জব্দ হৈছে । তাৰ সমান্তৰালকৈ অসম, অৰুণাচল প্ৰদেশ আৰু মণিপুৰ বনৰৌ সৰবৰাহৰ ঘাটিত পৰিণত হৈছে ।"
ড৹ বিভৱ কুমাৰ তালুকদাৰে পুনৰ কয়, "শেহতীয়াকৈ চলা অভিযানত বহুকেইজন চোৰাং চিকাৰী আৰু ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হৈছে যদিও আন্তঃৰাষ্ট্ৰীয় ছিণ্ডিকেটৰে এই অবৈধ ব্যৱসায় অব্যাহত আছে । এই তথ্য উত্তৰ-পূব ভাৰতৰ বিভিন্ন ঠাইৰ স্থানীয় চিকাৰীসকল বনৰৌৰ চিকাৰ আৰু ব্যৱসায়ত জড়িত বুলি আৰ্থ-সামাজিক অধ্যয়নত, বিশেষকৈ অসমত চলোৱা অধ্যয়নত পোহৰলৈ আহিছে । এটা বনৰৌৰ বাকলিয়ে এই চিকাৰীসকলক কেতিয়াবা এবাৰতে প্ৰায় চাৰি মাহৰ সমান উপাৰ্জন দিয়াৰ ফলত ই লাভজনক কামত পৰিণত হৈছে ।"
অসমত ভাৰত-বাৰ্মিজ বনৰৌ :
তেওঁ কয়, "বিগত বৰ্ষৰ আৰম্ভণিতে অসম আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন অঞ্চলত আন এক প্ৰজাতিৰ বনৰৌ আৱিষ্কাৰ হৈছে । অসম আৰু অৰুণাচলত বনৰৌৰ আন এক প্ৰজাতি ভাৰত-বাৰ্মিজ বনৰৌৰ আৱিষ্কাৰে এই জটিল সময়ত এক আশাৰ সঞ্চাৰ কৰিছে ।"