ধিং:ৰাজ্য়ৰ পাঁচটা বিধানসভা সমষ্টিত উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠাৰ সময়তেই সমাগত পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনক লৈ শাসক দল বিজেপিৰ সমান্তৰাভাৱে বিৰোধী কংগ্ৰেছ আৰু আঞ্চলিক ৰাজনৈতিক দলেসমূহে আৰম্ভ কৰিছে সাংগাঠনিক কামকাজ । এইক্ষেত্ৰত পিছপৰি থকা নাই বিধায়ক অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দল ।
ৰাইজৰ দলৰ সাংগঠনিক ভেঁটি মজবুত কৰাৰ অভিযান চলিছে সমগ্ৰ ৰাজ্য়ত । শুকুৰবাৰে নগাঁও জিলাৰ ধিং সমষ্টিৰ অন্তৰ্গত ডুমডুমীয়াত ৰাইজৰ দলৰ এক বিশাল সমাবেশ অনুষ্ঠিত হয় । ধিং সমষ্টিৰ সম্ভাব্য প্ৰাৰ্থী মেহবুব মুক্তাৰৰ প্ৰচেষ্টাত আয়োজিত এই বিশাল সমাবেশত অখিল গগৈয়ে ভাষণ দি কংগ্ৰেছ আৰু বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে ।
তিনিৰ পৰা চাৰি হাজাৰ ভোটৰ ব্যৱধানত কংগ্ৰেছৰ জয় হ'ব
আজি ধিঙৰ ডুমডুমীয়া নতুন বজাৰ খেলপথাৰত অনুষ্ঠিত ৰাইজৰ দলৰ গণ সমাবেশত বিধায়ক অখিল গগৈক প্ৰায় ৫ কিলোমিটাৰ পথ শ শ যুৱকে মটৰ চাইকেলেৰে আদৰি আনে । হাজাৰ হাজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত গণ সমাবেশত উপ-নির্বাচনক লৈ বিধায়ক অখিল গগৈয়ে কয়," চামগুৰি বিধানসভা সমষ্টিত বিজেপি আৰু কংগ্ৰেছৰ মাজত তুমুল যুদ্ধ হ'ব । কিন্তু শেষত তিনিৰ পৰা চাৰি হাজাৰ ভোটৰ ব্যৱধানত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হ'ব । কাৰণ চামগুৰি সমষ্টিত সংখ্যালঘু ভোটাৰ ২৫ হেজাৰৰো অধিক আছে ।"