গুৱাহাটী, ৪ অক্টোবৰ :অসমীয়া ভাষাক প্ৰদান কৰা ধ্ৰুপদী ভাষাৰ স্বীকৃতিক আদৰণি জনাইছে ৰাইজৰ দলে । শুকুৰবাৰে মহানগৰীত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এক সাংবাদমেল সম্বোধন কৰি শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয়," কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তক আমি আদৰণি জনাইছো । অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভক লৈ অসমবাসী গৌৰৱান্বিত হোৱাৰ সময়তে এই কৃতিত্বৰ বাবে এতিয়া প্ৰতিযোগিতা চলিছে । "
অখিল গগৈৰ অভিযোগ- এতিয়া কৃতিত্ব লোৱাৰ যুজঁ চলিছে সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আৰু পবিত্ৰ মাৰ্ঘেৰিটাৰ মাজত । এইক্ষেত্ৰত বিজেপিয়ে কৃতিত্ব লোৱাৰ কোনো কাৰণ নাই বুলি মন্তব্য কৰি বিধায়ক অখিল গগৈয়ে কয়," অসমীয়া ভাষাৰ নিজা স্বকীয়তা আছে । কেইবাশ বছৰীয়া নিজা স্বকীয়তা আছে অসমীয়া ভাষাৰ । "
তেওঁ বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ কয়,"বিজেপি দলে অসমৰ ভাষিক জাতীয়তাবাদীক ধৰ্মীয় জাতীয়তাবাদীলৈ অৱনমিত কৰিবলৈ প্ৰচেষ্টা চলোৱা নাইনে ? কেৱল ৰাজনৈতিক মুনাফাৰ বাবে এই দুষ্কাৰ্য সাধন কৰি জাতিটোক পংগু কৰা নাইনে ? কোন চৰকাৰৰ দিনত 'কা'ৰ জৰিয়তে হিন্দু বাংলাদেশীক সংস্থাপন দি অসমীয়া ভাষাৰ প্ৰতি সংকট নমাই আনিলে ? কাৰ দিনত অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ হল ? অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভৰ ক্ষেত্ৰত কৃতিত্বৰ অধিকাৰী হ'ল অসমীয়া ভাষাৰ সাধনা কৰি থকা সাহিত্যিক, সাংবাদিক, ভাষাবিদসকল । কোনো ৰাজনৈতিক দল বা ৰাজনৈতিক নেতাৰ কৃতিত্ব নহয় ।"
আনহাতে, অসম চৰকাৰক অৰ্থনৈতিক দুৰৱস্থাৰ বাবে সমালোচনা কৰি বিধায়কগৰাকীয়ে পুনৰ কয়," যোৱা ২২ দিনত ২২৫০ কোটি টকাৰ ধাৰ লৈছে অসম চৰকাৰে । এয়া নিৰ্বাচনৰ স্বাৰ্থত হিতাধিকাৰী সৃষ্টি কৰিবৰ বাবে ধাৰ লৈছে । কোনো স্থায়ী কাম নকৰে চৰকাৰে । সেয়ে কেন্দ্ৰীয় চৰকাৰে অসমলৈ অহা পুঁজি বন্ধ কৰি দিছে ।"
বিধায়ক বিশ্বজিৎ ফুকনৰ প্ৰতিক্ৰিয়া