গুৱাহাটী, ১৭ জুলাই:বিজেপিক প্ৰতিহত কৰাৰ বাবে লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা বিৰোধী ঐক্য মঞ্চৰ অৱস্থা এতিয়া থৰক-বৰক ৷ কাৰণ পাঁচটা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনত কংগ্ৰেছ দলে অকলে অৱতীৰ্ণ হোৱাৰ ইংগিত দিয়াৰ পাচতে বিৰোধী ঐক্যত লাগিছে আউল ৷ ইতিমধ্যে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এই বিষয়ত প্ৰকাশ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া ৷
অখিল গগৈৰ পাচতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷ বুধবাৰে গুৱাহাটীৰ হোটেল লিলিত অনুষ্ঠিত প্ৰদেশ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ বৈঠকত উপস্থিত হয় বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ ৷ গগৈৰ উদ্দেশ্য নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ সাক্ষাৎ লাভ ৷
লগতে পঢ়ক:উপ-নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চৰে মিত্ৰতা সন্দৰ্ভত কি ক'লে ভূপেন বৰাই - APCC president Bhupen Bora
জিতেন্দ্ৰ সিঙকে ধৰি কংগ্ৰেছৰ নেতৃত্বক সাক্ষাৎ কৰাৰ পাচত লুৰীণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে প্ৰতিক্ৰিয়া ৷ তেওঁ কয় যে, আলোচনা হ'ল যদিও আৰু হ'বলগীয়া আছে ৷ বিজেপিক পৰাভূত কৰাৰ বাবে বিৰোধী ঐক্যবদ্ধ হৈ থাকিব লাগিব ৷ এইখিনি কথা তেওঁ কংগ্ৰেছ নেতৃত্বক সদৰী কৰা বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৷ বিৰোধী ঐক্য মঞ্চ এক হৈ থকাটো বিচাৰো বুলি সদৰী কৰি লুৰীণে কয় যে, শেহতীয়া লোকসভা নিৰ্বাচনতো বিৰোধী ঐক্যক ৰাইজে সমৰ্থন কৰিছে ৷
আনহাতে, জাতীয়তাবাদী শিবিৰিৰ গুৰুত্ব বৃদ্ধি পোৱা বুলি সদৰী কৰি গগৈয়ে কয় যে, লোকসভা নিৰ্বাচনত আঞ্চলিকতাবাদী দলসমূহে ২০০ খন আসন লাভ কৰিবলৈ সক্ষম হৈছে ৷ তেওঁ কয় যে, আমি ব্যক্তিগত স্বাৰ্থ, অহংকাৰ পৰিত্যাগ কৰি সামূহিক স্বাৰ্থত গুৰুত্ব দিব লাগে ৷ সেই বিষয়ে কংগ্ৰেছ নেতৃত্বৰ সৈতে আলোচনা কৰা হৈছে ৷