বৰপেটা/বিলাসীপাৰা, ২২ আগষ্ট: বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰে জলা-কলা খুৱাইছে গ্ৰাহকক । স্মার্ট মিটাৰৰ অত্যধিক বিলক লৈ গ্ৰাহকৰ মাজত সৃষ্টি হোৱা ক্ষোভ-অসন্তুষ্টিৰ মাজতে আজি অৰ্থাৎ বৃহস্পতিবাৰে বৰপেটা আৰু বিলাসীপাৰাত এ আই ইউ ডি এফে স্মার্ট মিটাৰ বন্ধ কৰাৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
স্মার্ট মিটাৰ বন্ধৰ দাবীত এ আই ইউ এফৰ উত্তাল প্ৰতিবাদ (ETV Bharat Assam) লগতে পঢ়ক:বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ বিক্ষোভ - AASU Protest
বৰপেটা:
এ আই ইউ ডি এফৰ বৰপেটা জিলা সমিতিৰ নেতৃত্বত আজি শতাধিক প্ৰতিবাদকাৰীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ বিদ্যুৎ বিভাগৰ বিসংগতিপূৰ্ণ স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে বিদ্যুৎ বিভাগ হায় হায়, এ পি ডি চি এল মুৰ্দাবাদ, শক্তিমন্ত্ৰী হায় হায়, শক্তিমন্ত্ৰীয়ে পদত্যাগ কৰক আদি শ্ল'গানেৰে চৌদিশ উত্তাল কৰি তোলে ।
প্ৰতিবাদী কাৰ্যসূচীৰ পিছতে অসমৰ সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰা বিদ্যুৎ বিভাগৰ বিসংগতিপূৰ্ণ স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰাৰ দাবীত প্ৰতিবাদকাৰীসকলে জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।
লগতে পঢ়ক:প্ৰসংগ স্মাৰ্ট মিটাৰ : মুখ্যমন্ত্ৰী গণবিচ্ছিন্ন হোৱা বুলি মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ - APDCL Smart Meter Issue
বিলাসীপাৰা:
ধুবুৰী জিলাৰ বিলাসীপাৰাতো বিসংগতিপূৰ্ণ স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত এ আই ইউ ডি এফ নেতা-কৰ্মীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । বিলাসীপাৰা জিলা কমিটিৰ উদ্যোগত সাব্যস্ত কৰা উক্ত প্ৰতিবাদী কাৰ্যসূচীত শ শ এ আই ইউ ডি এফ নেতা-কৰ্মীয়ে হাতে হাতে বেনাৰ, প্লে-কাৰ্ড আদি লৈ বিদ্যুৎ বিভাগ আৰু চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী শ্ল’গানেৰে চৌদিশ উত্তাল কৰি শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পদত্যাগ দাবী কৰে । অসমৰ সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰা বিদ্যুৎ বিভাগৰ বিসংগতিপূৰ্ণ স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰাৰ দাবীত প্ৰতিবাদকাৰীসকলে বিলাসীপাৰাৰ মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে ।
লগতে পঢ়ক:স্মাৰ্ট মিটাৰক লৈ উত্তপ্ত বিধানসভা: সদন ত্যাগ কৰি বিৰোধীৰ প্ৰতিবাদ - Assam Assembly Autumn session 2024
Conclusion:বাইটঃ আশ্ৰাফু মামুন, সম্পাদক, জিলা সমিতি