গোৱালপাৰা, 1 ফ্ৰেব্ৰুৱাৰী :সাংসদ বদৰুদ্দিন আজমলৰ বাবে এতিয়া কংগ্ৰেছ হৈ পৰিছে ‘‘চকুৰ কুটা দাঁতৰ শাল’’ৰ দৰে ৷ ‘‘ৰাহুল অহাৰ সময়ত কংগ্ৰেছে এখন আসন পাব বুলি ভাবিছিলো, কিন্তু ৰাহুল যোৱাৰ পাচত কংগ্ৰেছে এখনো আসন নাপাব যেন লাগিছে ’’ বুলি পুনৰ কংগ্ৰেছক সমালোচনা এ আই ইউ দি এফৰ প্ৰধান সাংসদ বদৰুদ্দিন আজমলৰ ৷
বুধবাৰে নিশা গোৱালপাৰাৰ বাশবাৰীত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰে সাংসদগৰাকী ৷ বিশেষকৈ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক কটাক্ষ কৰি সাংসদ আজমলে কয় যে, ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাই একো দিব নোৱাৰিলে, বৰং তেওঁ গুছি যোৱাৰ পিছে পিছে বহু কেইগৰাকী নেতাই কংগ্ৰেছ এৰি অন্য দলত যোগদান কৰিলে ৷ ইফালে লোকসভা নিৰ্বাচনত এ আই ই ডি এফে তিনিখন আসন লাভ কৰিব বুলি আত্মবিশ্বাসী সাংসদ আজমল ৷