গুৱাহাটী, 19 মে’ :9 মে’ৰ দিনাঘোষণা কৰা হয় উচ্চতৰ মাধ্যমিক 2024 বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল । শেহতীয়াকৈ ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলৰ পুনৰীক্ষণ কৰিব বিচৰাসকলৰ বাবে শিক্ষা সংসদে জাৰি কৰিছে জাননী ৷
কেনেকৈ কৰিব আবেদন :
উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলৰ পুনৰীক্ষণৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে মুকলি কৰিছে এটা ৱেবচাইট । শিক্ষা সংসদে জাৰি কৰা জাননী অনুসৰি https://ahsec.assam.gov.in/ৱেবচাইটলৈ গৈ অলাইনযোগে বহী পুনৰীক্ষণৰ বাবে আবেদন কৰিব পাৰিব ইচ্ছুক পৰীক্ষাৰ্থীয়ে ।
বহী পুনৰীক্ষণৰ বাবে ইতিমধ্যে অনলাইন আবেদন 13 মে'ৰ পৰা আৰম্ভ হৈছে । বহী পুনৰীক্ষণৰ আবেদন দাখিলৰ অন্তিম দিন 22 মে’ৰ সন্ধিয়া 5 বজা । আনহাতে 23 মে'ৰ ভিতৰত আবেদনকাৰীয়ে দাখিল কৰিব লাগিব ই-চালান ৷
জাননী জাৰি মাধ্যমিক শিক্ষা সংসদৰ (Etv bharat assam) উল্লেখ্য যে, 36 বছৰীয়া পৰম্পৰা ভংগ কৰি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে 2024 বৰ্ষৰ 9 মে'ৰ দিনা ফলাফল ঘোষণা কৰিছিল । উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত এইবাৰ নাছিল শীৰ্ষ স্থান । 1986 পৰা 2023 লৈ পৰম্পৰাগতভাবে উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ শীৰ্ষস্থান প্ৰাপকৰ নাম ঘোষণা কৰা হৈছিল । অৱশ্যে এইবাৰ স্থান প্ৰাপক অবিহনেই ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ।
2024 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত মুঠ 2,80,216 গৰাকী শিক্ষার্থী অৱতীৰ্ণ হৈছিল । এইসকলৰ ভিতৰত কলা শাখাত 2,06,467 গৰাকী, বিজ্ঞান শাখাত 55,287 গৰাকী, বাণিজ্য শাখাত 17,582 গৰাকী আৰু বৃত্তিমূলক শাখাত 880 গৰাকী শিক্ষার্থী আছে । উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা 12 ফেব্ৰুৱাৰীৰ পৰা 13 মাৰ্চলৈকে অনুষ্ঠিত হৈছিল ৷
লগতে পঢ়ক :স্থান ঘোষণা নকৰা সন্দৰ্ভত শিক্ষক-শিক্ষাৰ্থীৰ মনৰ ভাৱ জানি লওক - Assam HS Result 2024