ডিফু, 17 মে’ : 38 বছৰীয়া হ’ল কাৰ্বি আংলঙৰ আঞ্চলিক দল স্বায়ত্তশাসিত ৰাজ্যিক দাবী সমিতি (এ এছ ডি চি) ৷ 1986 চনৰ 16 মে’ত প্ৰতিষ্ঠা হোৱা দলটোৱে বৃহস্পতিবাৰে প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি এক সংবাদমেল সম্বোধন কৰে ৷
সংবাদমেলত দলটোৰ মুখপাত্ৰ ডেনিয়েল টেৰণে কয়, "প্ৰতিষ্ঠা হোৱাৰ সময়ত পাহাৰৰ বিপুল জনসমৰ্থন পাবলৈ সক্ষম হৈছিল দলটোৱে ৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ক্ষমতাৰ লগতে পাহাৰৰ পাঁচটা বিধানসভাৰ সমষ্টি আৰু লোকসভাৰ একমাত্ৰ আসনখনো দলটোৰ দখলত আছিল ৷ 2002 চনত দলটোৰ মাজত বিভাজন হোৱাত কংগ্ৰেছ দল শাসনলৈ অহাৰ পিছৰে পৰা এ এছ ডি চি দুৰ্বল হৈ হৈ এতিয়া এজনো এম এ চি নথকা দল হৈ পৰে ৷ চৰকাৰৰ লগত এম অ’ ইউ চুক্তি কৰি পৰিষদৰ অধীনলৈ দলটোৱে 30 টা বিভাগৰ ক্ষমতা আনে যদিও মূল দাবী স্বায়ত্তশাসিত ৰাজ্য আজিও হৈ নুঠিল ৷ এতিয়া পাহাৰৰ সকলো ৰাজনৈতিক দলৰে স্বায়ত্তশাসিত ৰাজ্যৰ দাবীটো কেৱল নিৰ্বাচনী ইচ্ছু ৷ "