মৰাণ: কটকটীয়া নিৰাপত্তাৰ মাজতেই দেওবাৰে ৰাজ্যজুৰি অনুষ্ঠিত হয় অসম প্ৰত্যক্ষ নিযুক্তিৰ তৃতীয় পৰ্যায়ৰ চতুৰ্থ বৰ্গৰ পদৰ মেট্ৰিক পৰ্যায়ৰ পৰীক্ষা (ADRE)। সকলোৱে পুৱাই ঢাপলি মেলে পৰীক্ষা কেন্দ্ৰলৈ । জানোচা এটা চৰকাৰী চাকৰি লাভ কৰাৰ সৌভাগ্য় ঘটেই ! কিন্তু এজন পৰীক্ষাৰ্থীয়ে আজি পৰীক্ষা কেন্দ্ৰলৈ যোৱাৰ পিচত আৰু ঘৰলৈ উভতি নাহিল । হাঁহি হাঁহি পৰীক্ষা দিবলৈ যোৱা যুৱকজন গুছি গ'ল এক অজান দেশলৈ ।
পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ ইন্টাৰনেট বন্ধ কৰি নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিলে ৰাজ্য চৰকাৰে । শান্তিপূৰ্ণভাৱে এই নিযুক্তি পৰীক্ষা অনুষ্ঠিত হয় যদিও ইয়াৰ মাজতে ডিব্ৰুগড়ত পৰীক্ষা দিবলৈ গৈ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এজন পৰীক্ষাৰ্থীয়ে । যি খবৰে এতিয়া শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে ।
ঘটনা অনুসৰি দেওবাৰে ডিব্ৰুগড়লৈ পৰীক্ষা দিবলৈ গৈছিল টিংখাঙৰ এইজন যুৱক । ডিব্ৰুগড় চহৰৰ ঠাকুৰথানৰ বজাৰৰ সমীপত পৰীক্ষাৰ্থীগৰাকীয়ে মটৰ চাইকেলৰ নিয়ন্ত্রণ হেৰুৱাই আন এখন বাহনৰ পিছফালে খুন্দা মাৰে । ফলত থিতাতে মৃত্যু হয় যুৱকজনৰ । মৃত যুৱকজন টিংখাঙৰ ৰাইডিঙীয়া গাঁৱৰ পবিত্ৰ গগৈ ওৰফে মিলন গগৈ ।
- নিজৰ নথি আনিবলৈ পাহৰিছিল যুৱকজনে