অসম

assam

ETV Bharat / state

ADREৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষাৰ বাবে সাজু ! তাৰ পূৰ্বে জানি লওক নীতি-নিৰ্দেশনাবোৰ

শেষ পৰ্যায়ৰ ADRE পৰীক্ষাৰ প্ৰস্তুতিৰ বুজ ল’বলৈ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰে বৈঠক মুখ্য সচিবৰ । পৰীক্ষাৰ বাবে নিৰ্দেশনা জাৰি ।

Assam Direct Recruitment Examination
অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ প্ৰস্তুতি (Etv Bharat Assam)

By ETV Bharat Assamese Team

Published : 5 hours ago

গুৱাহাটী:অসম চৰকাৰৰঅসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা চমুকৈ ADREৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা ২৭ অক্টোবৰ দেওবাৰে ৰাজ্যজুৰি অনুষ্ঠিত হ’ব । এই উপলক্ষে অসম চৰকাৰে চলাইছে ব্যাপক প্ৰস্তুতি, যাতে ত্ৰুটিশূন্যৰূপে অনুষ্ঠিত কৰিব পৰা যায় এই পৰীক্ষা । আজি অৰ্থাৎ মঙলবাৰে অসমৰ মুখ্য সচিব ৰবি কোটাই ৰাজ্যৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে দিশপুৰৰ পৰা এখন ভিডিঅ’ কনফাৰেন্সত মিলিত হৈ পৰীক্ষাৰ আয়োজন আৰু নিৰাপত্তাৰ সকলো দিশৰ বুজ লয় ।

দেওবাৰ ৰাজ্যজুৰি আগবেলা ১,৪৮৪টা কেন্দ্ৰত পুৱা ৯:৩০ বজাৰ পৰা ১১:৩০ বজালৈ আৰু পিছবেলা দুপৰীয়া ১:৩০ বজাৰ পৰা বিয়লি ৪:০০ বজালৈ ৮০৮টা কেন্দ্ৰত এই নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব । তৃতীয় পৰ্যায়ৰ এই পৰীক্ষাত মুঠ ৮,২৭,১৩০ জন প্ৰাৰ্থী অৱতীৰ্ণ হ’ব ।

লগতে পঢ়ক:ADRE পৰীক্ষাৰ অ' এম আৰ শ্বীট কিদৰে লাভ কৰিব ? - Assam CM Himanta Biswa Sarma

এই প্ৰসংগত অসমৰ মুখ্য সচিবগৰাকীয়ে পৰীক্ষাৰ এলানি গাইডলাইনৰ কথা সদৰী কৰি কয়, “আমি এক মুক্ত আৰু স্বচ্ছ পৰীক্ষা প্ৰক্ৰিয়াৰে পুনৰ এবাৰ সম্পন্ন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলোঁ । পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে আৰু সকলো অংশীদাৰে নিৰ্দেশনা পুস্তিকাখনৰ প্ৰয়োজনীয় নীতি মানি চলাটো নিশ্চিত কৰিব লাগিব, যাতে পৰীক্ষাটো সুৰক্ষিতভাৱে হয় সেয়া নিশ্চিত কৰিব লাগিব ।”

মুখ্যসচিবগৰাকীয়ে সামাজিক মাধ্যম Xৰ যোগদি অৱগত কৰা অনুসৰি তলৰ নিয়ম-নীতিসমূহ দায়িত্ববাহীসকলে পালন কৰাটো নিশ্চিত কৰিব লাগিব ।

কি কি নিৰ্দেশনা মানি চলিব লাগিব:

  • ভাৰপ্ৰাপ্ত কেন্দ্ৰ তত্বাৱধায়ক আৰু নিৰীক্ষণকাৰীৰ প্ৰশিক্ষণ আকৌ এবাৰ অনুষ্ঠিত কৰিব লাগিব ।
  • আয়ুক্ত আৰুা আৰক্ষী অধীক্ষকসকলে নিজ নিজ এলেকাত সামগ্ৰিক তত্বাৱধানৰ বাবে সুক্ষ্মভাৱে সমন্বয় স্থাপন কৰিব লাগিব আৰু স্পৰ্শকাতৰ কেন্দ্ৰসমূহৰ তদাৰক কৰিব লাগিব ।
  • প্ৰাৰ্থী আৰু সাধাৰণ জনতাৰ ভিৰমুক্ত চলাচল নিশ্চিত কৰিবলৈ পৰিবহণ বিভাগে সকলো লোকৰ সৈতে সমন্বয় স্থাপন কৰিব লাগিব ।
  • প্ৰাৰ্থী আৰু সাধাৰণ জনতাৰ হেঁচামুক্ত চলাচল নিশ্চিত কৰিবলৈ পৰিবহণ বিভাগে সকলো অংশীদাৰৰ সৈতে সমন্বয় স্থাপন কৰিব লাগিব ।
  • বিশেষ ৰে’লৰ বাবে সংশ্লিষ্ট বিভাগে এন এফ আৰৰ সৈতে সমন্বয় স্থাপন কৰিব লাগিব ।
  • ৰে'লৱে প্লেটফৰ্ম আৰু বাছ ষ্টেণ্ডত অনাময় সম্পৰ্কীয় সকলো সেৱাৰ সু-ব্যৱস্থা কৰিব লাগিব ।

লগতে পঢ়ক:ADRE ৰ বাবে সাজু নে ? পৰীক্ষা দিবলৈ যোৱাৰ আগতে এই কথাখিনি জানি লওক - Assam Direct Recruitment Exam 2024

  • আৰক্ষীয়ে ছ’চিয়েল মিডিয়াৰ কাম-কাজ নিৰীক্ষণ কৰিব লাগিব আৰু যিকোনো সমস্যাৰ বিষয়ে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু আইন-শৃংখলাৰ মহাপৰিদৰ্শকক তৎকালীনভাৱে জনাব লাগিব । এই নিৰীক্ষণ স্থানীয় আৰু কেন্দ্ৰীয় দুয়োটা দিশতে চলি থাকিব ।
  • পৰীক্ষা কেন্দ্ৰত মহিলা প্ৰাৰ্থীৰ প্ৰৱেশৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে জাৰি কৰিছে নিৰ্দেশনা । মুখ্য সচিবৰ নিৰ্দেশনা অনুসৰি মহিলা প্ৰাৰ্থীৰ পৰীক্ষা মৰ্যাদাপূৰ্ণভাৱে কৰিব লাগিব আৰু এই কামত নিযুক্ত কৰ্মী সংবেদনশীল হ’ব লাগিব । যিকোনো অনুচিত আচৰণৰ বিষয়ে তৎক্ষণাত ভাৰপ্ৰাপ্ত কেন্দ্ৰ বিষয়াক অৱগত কৰিব লাগিব ।
  • পৰীক্ষা কেন্দ্ৰলৈ প্ৰাৰ্থীয়ে নিব পাৰিব পানীৰ বটল । পূৰ্বৰ দৰেই প্ৰাৰ্থীসকলে লেবেল নথকা স্বচ্ছ পানীৰ বটল কঢ়িয়াই নিব পাৰিব ।
  • ‘The Assam Public Examination (Measures for Recruitment in Recruitment) আইন ২০২৪’ৰ ধাৰা ১০(১) উলংঘা কৰি পৰীক্ষাত অনিয়ম আৰু বেমেজালিৰ সৃষ্টি কৰিলে তিনি বছৰ পৰ্যন্ত কাৰাদণ্ডৰ শাস্তি হ’ব পাৰে ।

পৰীক্ষা কেন্দ্ৰ কাৰ কাৰ প্ৰৱেশ নিষিদ্ধ :

পৰীক্ষাৰ বাবে নিৰ্ধাৰিত পৰীক্ষা কেন্দ্ৰৰ পৰা ১০০ মিটাৰ দূৰত্বৰ ভিতৰত প্ৰাৰ্থী আৰু পৰীক্ষা পৰিচালনা তথা নিৰীক্ষণত নিয়োজিত বিষয়াসকলৰ বাহিৰে আন যিকোনো লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে ৷ মুখ্য সচিবৰ নিৰ্দেশ- জিলা দণ্ডাধীশসকলে ADRE ৰ পৰীক্ষাৰ ‘ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩’ৰ ১৬৩ নং ধাৰাৰ অধীনত এই নিৰ্দেশনা জাৰি কৰিব লাগিব ।

লগতে পঢ়ক:তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত অসৎ উপায় ল'লে ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড, ১০ কোটিলৈকে জৰিমনা - Assam Direct Recruitment Exam 2024

ABOUT THE AUTHOR

...view details