অসম

assam

অসমৰ ইতিহাসৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা; চাৰে তিনিঘণ্টাৰ বাবে ৰাজ্যত বন্ধ থাকিব ইণ্টাৰনেট সেৱা - ADRE 2024

By ETV Bharat Assamese Team

Published : Sep 15, 2024, 7:25 AM IST

Mobile internet suspended: আজি ৰাজ্যত অনুষ্ঠিত হ’ব অসম চৰকাৰৰ তৃতীয় বৰ্গৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা ৷ অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰিষদৰ হৈ অনুষ্ঠিত কৰিব এই লিখিত পৰীক্ষা ৷ ৰাজ্যৰ 28 খন জিলাৰ বিভিন্ন নিৰ্বাচিত পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব এই পৰীক্ষা ৷ পুৱা ১০.৩০ বজাৰ পৰা দুপৰীয়া ১.৩০ বজালৈ ৰাজ্যত কৰ্তন কৰা হ’ব ম’বাইল ইন্টাৰনেট সেৱা ৷

Mobile internet suspended
ADRE 2024 (ETV Bharat)

গুৱাহাটী, ১৫ ছেপ্টেম্বৰ: অভিলেখ সৃষ্টি কৰি আজি ৰাজ্যৰ ২৮ খন জিলাৰ ২৩০৫ টা কেন্দ্ৰত নিযুক্তি পৰীক্ষাত বহিব ১১,২৩,২০৪ গৰাকী প্ৰাৰ্থী । ৰাজ্যৰ ইতিহাসত প্ৰথমবাৰৰ বাবে নিযুক্তি পৰীক্ষাত একেলগে ইমান সংখ্যক প্ৰাৰ্থী অৱতীৰ্ণ হ'ব । ইয়াৰ বাবে ৰাজ্যজুৰি কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে । আনহাতে চিহ্নিত কৰা ৪২৯ টা স্পৰ্শকাতৰ পৰীক্ষা কেন্দ্ৰত আৰু অধিক কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে । ৰাজ্য চৰকাৰখনৰ বাবেও আজি যেন এক অগ্নিপৰীক্ষা । ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে যে এনেদৰে স্বচ্ছ আৰু নিকাভাৱে পৰীক্ষা অনুষ্ঠিত কৰাটো সহজ কথা নহয় ।

কেতবোৰ কঠোৰ নিয়মাৱলীৰ মাজেৰে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অন্তৰ্গত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ পদৰ বাবে আজি অনুষ্ঠিত হ'ব লিখিত পৰীক্ষা । সাজু আৰক্ষী-প্ৰশাসন তথা পৰীক্ষাৰ দায়িত্বত থকা সংশ্লিষ্ট কৰ্তৃপক্ষ । তিনি সহস্ৰাধিক পদৰ বাবে লিখিত পৰীক্ষাত বহিব ১১ লাখৰো অধিক প্ৰাৰ্থী । আয়োগৰ হৈ এই পৰীক্ষা অনুষ্ঠিত কৰিছে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই । ইফালে ADRE 2024 বাবে ৰাজ্যজুৰি পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১.৩০ বজালৈ ৰাজ্যত উপলব্ধ নাথাকিব ইণ্টাৰনেট সেৱা । পৰীক্ষা অনুষ্ঠিত হ'ব ১০.৩০ বজাৰ পৰা ১.৩০ বজালৈ ।

কি কি বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে :

১. প্ৰতিগৰাকী প্ৰাৰ্থীৰ পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ নিলগৰ পৰা চলিব তালাচী ।

২. পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰৰ ভিতৰত প্ৰাৰ্থীৰ অভিভাৱক বা আন কোনো লোক প্ৰৱেশ কৰিব নোৱাৰিব ।

৩. প্ৰাৰ্থীয়ে পৰীক্ষা দিবলৈ আহোতে লগত আনিব পাৰিব মাত্ৰ এডিমিট কাৰ্ড ।

৪. নিযুক্তি পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰাসকল সন্মূখীন হ'ব কঠোৰ শাস্তিৰ ।

৫. পৰীক্ষাক লৈ সামাজিক মাধ্যমত বিভ্ৰান্তিৰ সৃষ্টি কৰিলে আৰক্ষীয়ে ল'ব ব্যৱস্থা ।

৬. অসৎ উপায় অৱলম্বন কৰিলে ৩ ৰ পৰা ১০ বছৰ পৰ্যন্ত জে'ল হোৱাৰ লগতে ভৰিব লাগিব ১ লাখ টকাৰ পৰা ১০ কোটি টকাৰ জৰিমনা ।

৭. পৰীক্ষা কেন্দ্ৰত ২ ঘণ্টাৰ পূৰ্বেই উপস্থিত হ'ব লাগিব প্ৰতিগৰাকী প্ৰাৰ্থী ।

৮. পৰীক্ষা কেন্দ্ৰত বাধ্যতামূলক কৰা হৈছে চিচি কেমেৰা ।

৯. প্ৰাৰ্থীসকলে লগত নিব পাৰিব নীলা বা ক’লা বল পেন, পেঞ্চিল, স্কেল, ইৰেজাৰৰ লগতে পৰিচয় পত্ৰ, এ টি এম, ড্ৰাইভিং লাইচেঞ্চ আৰু ন্যূনতম নগদ ধন ।

১০. ৰাজ্যজুৰি পৰীক্ষা পৰিচালনাৰ নিয়োজিত ৭০ হাজাৰ নিৰীক্ষক ।

প্ৰাৰ্থীসকলে পৰীক্ষা গৃহলৈ নিব নোৱাৰিব কেতবোৰ সামগ্ৰী:

১. ম’বাইল ফোন

২. যিকোনো ধৰণৰ ইলেক্ট্ৰনিক সঁজুলি বা প্ৰগ্ৰেমেবল ডিভাইচ বা সংৰক্ষণ মাধ্যম ডিভাইচ যেনে স্মাৰ্ট ঘড়ী, হেল্থ বেণ্ড, ইলেক্ট্ৰনিক পেন-স্কেনাৰ, ব্লুটুথ ডিভাইচ, ইয়াৰফোন, মাইক্ৰ’ফোন বা কেলকুলেটৰ, পেন ড্ৰাইভ, কাগজৰ টুকুৰা ইত্যাদি ।

৩. এইবাৰ পৰীক্ষাত ভুল উত্তৰৰ বাবে ঋণাত্মক নম্বৰ দিয়াৰো ব্যৱস্থা আছে ।

৪. অ' এম আৰ শ্বীটত একোটা বিকল্পত এটাত কৈ অধিক নম্বৰত চিহ্নিত কৰিলে ঋণাত্মক নম্বৰ লাভ কৰিব ।

পৰীক্ষাৰ বাবে ৰাজ্যজুৰি বন্ধ থাকিব ইণ্টাৰনেট সেৱা:

পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ সময়ত সামাজিক মাধ্যমযোগে যাতে কোনো ন্যস্ত স্বাৰ্থ জড়িত ব্যক্তি আৰু গোটে উৰাবাতৰি, অপপ্ৰচাৰ আদি চলাই এই নিযুক্তি প্ৰক্ৰিয়াত ব্যাঘাত জন্মাব নোৱাৰে তাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ অসম চৰকাৰে এই সকলোবোৰ দিশ চালি-জাৰি চাই এটা সিদ্ধান্তত উপনীত হৈছে আৰু পৰীক্ষা স্বচ্ছতাৰে অনুষ্ঠিত কৰাৰ স্বাৰ্থত ৰাজ্যজুৰি পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১.৩০ বজালৈকে ম’বাইল ইন্টাৰনেট, ম’বাইল ডাটা, ম’বাইল ৱাইফাই সেৱা কৰ্তনৰ নিৰ্দেশ প্ৰদান কৰিছে ৷

অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় তেৱাৰীয়ে এক জাননী জাৰী কৰি ভাৰতীয় টেলিগ্ৰাফ আইন, 1885 ৰ ধাৰা 5(2) ৰ অধীনত সাময়িক টেলিকম সেৱা কৰ্তন (ৰাজহুৱা জৰুৰীকালীনতা আৰু জন সুৰক্ষা) অধিনিয়ম, 2017 প্ৰয়োগ কৰি ম’বাইল ইন্টাৰনেট, ম’বাইল ডাটা, ম’বাইল ৱাইফাই সেৱা কৰ্তনৰ নিৰ্দেশ দিছে ৷

উল্লেখ্য যে পুৱা ১০.৩০ বজাৰ পৰা দুপৰীয়া ১.৩০ বজালৈ অনুষ্ঠিত হ’ব এই লিখিত পৰীক্ষা ৷ তাৰ পূৰ্বেই পুৱা ১০ বজাৰ পৰা পৰীক্ষা শেষ হোৱা পৰ্যন্ত ৰাজ্যত ম’বাইল ইন্টাৰনেট সেৱা উপলব্ধ নাথাকিব ৷ অৱশ্যে ভইচ কল আৰু ব্ৰডবেণ্ড সেৱা এই নিৰ্দেশনাৰ দ্বাৰা প্ৰভাৱিত নহ’ব ৷ কোনোৱে যদি এই নিৰ্দেশনাৰ উলংঘা কৰে তেন্তে ভাৰতীয় ন্যায় সংহিতা 2023 ৰ ধাৰা 223 আৰু ভাৰতীয় টেলিগ্ৰাফ আইন, 1885 ৰ অধীনত শাস্তিৰ সন্মুখীন হ’ব ৷

নিৰ্দেশনাটোত লগতে কোৱা হৈছে যে বিধানসভাত গৃহীত তথা কাৰ্যকৰী হোৱা 'অসৎ উপায় প্ৰতিৰোধী ব্যৱস্থা আইন-২০২৪' অনুসৰি কোনো পৰীক্ষাৰ্থীয়ে যদি অসৎ উপায় অৱলম্বন কৰে তেন্তে তেওঁলোকৰ ৩ বছৰৰ পৰা ১০ বছৰ পৰ্যন্ত জেইল হ'ব পাৰে । তাৰোপৰি ক্ষতিপূৰণ হিচাপে ১ লাখৰ পৰা ১ কোটি পৰ্যন্ত জৰিমণা ভৰিবলগীয়াও হ'ব পাৰে ।

সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া :

অসমৰ ইতিহাসৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষাটোক লৈ সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয়, ‘‘ADRE অর্থাৎ অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা বিভিন্ন পৰ্যায়ৰ বাবে কাইলৈৰ পৰা আৰম্ভ হ'ব । তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে অনুষ্ঠিত হ'বলগীয়া এই পৰীক্ষাটিয়ে পূৰণ কৰিব বহু যুৱক-যুৱতীৰ সপোন । আমাৰ যুৱপ্ৰজন্মৰ মাজত হাঁহি বিৰিঙাবলৈ কোনো ধৰণৰ বিসংগতি নথকাকৈ এইলানি পৰীক্ষা পৰিচালিত কৰিবলৈ আমি যথেষ্ট সতর্কতাৰ মাজেৰে আগবাঢ়িছোঁ । পূৰ্বেও দোহাৰিছিলোঁ, এই পৰীক্ষা কেৱল প্ৰাৰ্থীসকলৰ বাবেই পৰীক্ষা নহয়, আমাৰ চৰকাৰৰ বাবেও এক পৰীক্ষাৰ দৰে । স্বচ্ছ আৰু নিকা পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ আপোচ নকৰোঁ । তৃতীয় বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া প্ৰতিগৰাকী পৰীক্ষাৰ্থীক মই হৃদয়ৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ । তোমালোকৰ ভাল হওক ।’’

লগতে পঢ়ক:ADRE ৰ বাবে সাজু নে ? পৰীক্ষা দিবলৈ যোৱাৰ আগতে এই কথাখিনি জানি লওক - Assam Direct Recruitment Exam 2024

তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ বাবে এন এফ ৰে'লৱেৰ 12 খন বিশেষ ৰে'লৰ ব্যৱস্থা - Assam govt ADRE 2024

ABOUT THE AUTHOR

...view details