অসম

assam

ETV Bharat / state

চামগুৰিৰ উপ-নিৰ্বাচনৰ বাবে সমগ্ৰ জিলাতে জাৰি কৰা হ'ব অধিসূচনা

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বৰ সীমা অনুযায়ী চামগুৰিত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন । উপ-নিৰ্বাচনৰ বাবে সাজু জিলা প্ৰশাসন ৷

By ETV Bharat Assamese Team

Published : 6 hours ago

Assam bye election 2024
নগাওঁ জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ (ETV Bharat Assam)

নগাওঁ, ১৬ অক্টোবৰ: ১৩ নৱেম্বৰত ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰাৰ পাছতেই সমষ্টিকেইটাত উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন । আন চাৰিটা সমষ্টিৰ লগতে নগাঁৱৰ চামগুৰি বিধানসভা সমষ্টিতো উপ-নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে নগাঁও জিলা প্ৰশাসনে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বৰ চামগুৰি সমষ্টিৰ সীমা অনুযায়ীয়েই অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন ।

লগতে পঢ়ক:১৩ নৱেম্বৰত অসমত উপ-নিৰ্বাচন: কোন দলে ক’ত কাক দিব প্ৰাৰ্থিত্ব ?

চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত বুধবাৰে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত এক সংবাদমেলত সম্বোধন কৰে জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ লগতে জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই । অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবেও অহা ১৮ অক্টোবৰত জাৰি কৰা হ'ব অধিসূচনা । নগাঁও জিলাৰ চামগুৰি সমষ্টিত অনু্ষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে সমগ্ৰ জিলাখনতেই অধিসূচনা জাৰি কৰাৰ কথা সংবাদমেলৰ জড়িয়তে উল্লেখ কৰে জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে ।

নগাওঁ জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ (ETV Bharat Assam)

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বৰ পুৰণি চামগুৰি সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনত সমষ্টিটোৰ মুঠ ১,৮০,৪৪৮ গৰাকী ভোটাৰে ভোটদান কৰিব । সমষ্টিটোৰ মুঠ ১,৮০,৪৪৮ গৰাকী ভোটাৰৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা ৯১,৩০৪ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা ৮৯, ১৩৩ গৰাকী । চামগুৰি সমষ্টিত ১১ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে ।

লগতে পঢ়ক:চামগুৰিত ইতিহাসৰ পুনৰাবৃত্তি হৈছে: জিতু গোস্বামী

উপ-নিৰ্বাচনৰ বাবে সমষ্টিটোত মুঠ ১৯৭ টা ভোটকেন্দ্ৰ স্থাপন কৰাৰ কথাও উল্লেখ কৰে জিলা আয়ুক্তগৰাকীয়ে । আনহাতে চামগুৰি সমষ্টিৰ বাবে অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ লগে লগেই জমা দিব লাগিব অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ । ইফালে নিৰ্বাচনী কুজকাৱাজ আৰম্ভ হোৱাৰে পৰাই চামগুৰিত নিৰ্বাচনী হিংসা আৰম্ভ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সমষ্টিটোত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলাৰ কথাও উল্লেখ কৰে জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই ।

ABOUT THE AUTHOR

...view details