অসম

assam

ETV Bharat / state

ঐতিহ্যপূৰ্ণ দীঘলীপুখুৰীৰ দুৰৱস্থা ! নিৰাশ দৰ্শনাৰ্থী - NEGLIGENCE ON DIGHALIPUKHURI

ঐতিহাসিক দীঘলীপুখুৰীৰ সংৰক্ষণ আৰু চাফ-চিকুণতাত গুৰুত্ব নাই প্ৰশাসনৰ । যাৰ বাবে নিৰাশ হৈ উভতিছে দৰ্শনাৰ্থী ।

Negligence on Dighalipukhuri
ঐতিহ্যপূৰ্ণ দীঘলীপুখুৰীৰ দুৰৱস্থা ! নিৰাশ দৰ্শনাৰ্থী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 4, 2024, 4:44 PM IST

গুৱাহাটী :মহানগৰীৰ মাজমজিয়াত থকা এটা ঐতিহাসিক পুখুৰী হৈছে দীঘলীপুখুৰী । কংক্ৰিটৰ মহানগৰীৰ মাজত থকা দীঘলীপুখুৰী চৌপাশৰ প্ৰাকৃতিক পৰিৱেশে মহানগৰবাসীৰ লগতে পৰ্যটকসকলক নৈসৰ্গিক পৰিৱেশৰ আমেজ দিয়ে ।

দীঘলীপুখুৰীৰ ইতিহাস

ঐতিহ্যপূৰ্ণ দীঘলীপুখুৰীৰ দুৰৱস্থা ! নিৰাশ দৰ্শনাৰ্থী (ETV Bharat Assam)

মহানগৰীৰ বহু ইতিহাসৰো সাক্ষী দীঘলীপুখুৰী । জনশ্ৰুতি আৰু লোকপ্ৰবাদ অনুসৰি প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্তই ব্ৰহ্মপুত্ৰৰ পৰা এটা সুঁতিৰে এই দীঘলীপুখুৰীৰ সৃষ্টি কৰিছিল । প্ৰবাদ আছে দীঘলীপুখুৰীটো ৰজা ভগদত্তই জীয়াৰীৰ নামত খন্দাইছিল । অসম পৰ্যটন নিগমৰ অধীনত থকা পুখুৰীটোৰ পাৰত বহা, পুৱা খোজকঢ়া, দীঘলীপুখুৰীৰ বুকুত নৌকা বিহাৰ কৰি নৈসৰ্গিক পৰিৱেশ উপভোগ কৰিব পাৰি । দীঘলীপুখুৰীৰ পাৰৰ পুৰণি গছবোৰো বহু উত্থান পতনৰ সাক্ষী হৈ আহিছে । বহু প্ৰেমৰ আধাৰ দীঘলীপুখুৰী । এই পুখুৰীটোৰ পাৰত আছে দুগৰাকীকৈ বৰণ্য অসমীয়াৰ প্ৰতিমূৰ্তি । এগৰাকী ড৹ ভূপেন হাজৰিকা আৰু আনগৰাকী ৰাধাগোবিন্দ বৰুৱা ।

অৱহেলিত দীঘলীপুখুৰী

কিন্তু এই ঐতিহাসিক দীঘলীপুখুৰী আজি অৱহেলিত ! পুখুৰীটোৰ পানী শেলাইৰে ভৰি পৰিছে । চাফ-চিকুণৰ ক্ষেত্ৰত কোনো গুৰুত্ব নাই পৰ্যটন বিভাগৰ । প্ৰতিদিনে দেশী-বিদেশী পৰ্যটক আহি নিৰাশ হৈ উভতিছে দীঘলীপুখুৰীৰ পৰা । কিয়নো শিশুৰ বাবে থকা খেলৰ সামগ্ৰীবোৰৰ অধিকাংশই এতিয়া জৰাজীৰ্ণ । মহানগৰীৰ এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক লৈ অহা শিক্ষয়িত্ৰী এগৰাকীয়ে কয়,"মহানগৰীত মুকলি ঠাইৰ অভাৱ । যাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ খেলত অসুবিধা হয় । আজি আমি ছাত্ৰ-ছাত্ৰীসকলক ৰাজ্যিক সংগ্ৰহালয়ত লৈ অহাৰ লগতে দীঘলীপুখুৰীল লৈ আহিছো । ইয়াত কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে খেলৰ সামগ্ৰী আছে যদিও পৰ্যাপ্ত নহয় । পৰ্যাপ্ত পৰিমাণৰ সামগ্ৰী থাকিলে সুবিধা হয় । কিয়নো আন উদ্যানতকৈ দীঘলীপুখুৰীৰ প্ৰৱেশৰ মাছুল একেবাৰেই সামান্য । তাৰ বাবে সকলোৱে ইয়ালৈ আহিব পাৰে ।"

উল্লেখ্য যে, কেইবামাহ পূৰ্বে ঐতিহ্যপূৰ্ণ পুখুৰীটো চোৱাচিতাৰ বাবে গুজৰাটী কোম্পানী এটাক দিয়াৰ কথা কথা চলিছিল যদিও ৰাইজৰ প্ৰতিবাদত সেও মানিবলগীয়া হৈ এই চুক্তি পৰ্যটন নিগমে বাতিল কৰিছিল ।

লগতে পঢ়ক :চৰাইৰ আত্মহত্যাথলী জাতিংগা ! ৰহস্যৰ পৰা বাস্তৱলৈ

ABOUT THE AUTHOR

...view details