মৰাণ,৭ ছেপ্টেম্বৰ :ধনী হোৱাৰ সপোন দেখি অনলাইন ট্ৰেডিং আৰম্ভ কৰা ২২ বছৰীয়া ডিব্ৰুগড়ৰ বিশাল ফুকনৰ প্ৰৱঞ্চনাৰ খবৰ ৰাজহুৱা হোৱাৰ পাছতেই ৰাজ্যত ব্যাপক চৰ্চা লাভ কৰিছে । পিছে কম বয়সতে আনৰ টকাৰে বিলাসী জীৱন কটোৱা বিশাল ফুকন এতিয়া থাকিব লাগিব ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত ।
- আৰক্ষীয়ে পুনৰ জিম্মাত নিবিচাৰিলে বিশালক
যোৱা সোমবাৰে আটক কৰা বিশাল ফুকনক অধিক তদন্তৰ বাবে জিলা সত্ৰ ন্যায়িক দণ্ডাধীশৰ আদালতে ৩ দিনৰ আৰক্ষীৰ জিম্মাত দিছিল । বিগত তিনিটা দিন আৰক্ষীৰ জিম্মাত থকা বিশালক শনিবাৰে পুনৰ আদালতত হাজিৰ কৰোৱা হয় । আৰক্ষীয়ে বিশালক পুনৰ জিম্মাত নিবিচৰাত তেওঁক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে আদালতে ।
- প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ নিবাসী এতিয়া ৰঙাঘৰত
অৱশেষত কেন্দ্ৰীয় কাৰাগাৰৰ আলহী হ'ল অনলাইন ট্ৰেডিঙৰ জৰিয়তে বিশাল সম্পত্তি গঢ়া বিশাল ফুকন । উল্লেখ্য যে শেহতীয়াকৈ একাংশই ষ্টক মাৰ্কেটত বিনিয়োগ কৰি অধিক লাভবান হোৱাৰ আশাৰে ধন বিনিয়োগ কৰিছিল যদিও হেৰুৱাবলগীয়া হৈছে গাঁঠিৰ ধন । কেইটামান দিনৰ পুৰ্বে D B Stockৰ নামত কোটি কোটি টকা লুটি দীপাংকৰ বৰ্মন নামৰ প্ৰৱঞ্চকজনে আত্মগোপন কৰাৰ পাছতে অনলাইন ট্ৰেডিঙৰ সমূহ ব্যৱস্থাটোক লৈ চৰ্চা আৰম্ভ হৈছিল ।
দীপাংকৰ বৰ্মনৰ প্ৰৱঞ্চনাৰ পাছতে ব্যাপক চৰ্চালৈ আহিছিল ডিব্ৰুগড়ৰ বিশাল ফুকন । ২২ বছৰ বয়সতে কোটিপতি হৈছিল বিশাল ফুকন । সামাজিক মাধ্যমত বিশাল ফুকনৰ অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ কাহিনী পোহৰলৈ অহাৰ পাছতে আৰক্ষীৰ নজৰলৈ আহিছিল বিশাল । ডিব্ৰুগড়ৰ প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ নিবাসী বিশাল ফুকনক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে পোহৰলৈ আহিছে ন ন চাঞ্চল্যকৰ তথ্য ।