গুৱাহাটী, 10 মাৰ্চ :পশ্চিমবংগৰ সন্দেশখালীত নাৰীৰ ওপৰত নিৰ্যাতন হোৱাৰ অভিযোগ তোলাৰ লগতে এই ঘটনাৰ উচিত তদন্তৰ দাবীত মমতা বেনাৰ্জীৰ প্ৰতিকৃতি দাহ ৷ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি দেওবাৰে গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰী পাৰত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিবাদকাৰী সকলে অভিযোগ কৰে যে, পশ্চিমবংগৰ সন্দেশখালীত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভোট বেংকৰ সংকীৰ্ণ ৰাজনীতিৰ ফলত মহিলাৰ শ্লীলতাহানিৰ দৰে ঘটনা সংঘটিত হৈছে ৷ তেওঁলোকে কয় যে, পশ্চিম বংগৰ উত্তৰ চৌবীস পৰগনা জিলাৰ সন্দেশখালী অঞ্চলত অধিকাংশ পীড়িত মহিলা অন্যান্য পিছপৰা জাতি তথা অনুসূচিত জাতিৰ ৷ দুৰ্বৃত্তৰ উৎপীৰণত অতিষ্ঠ হৈ সন্দেশখালীৰ বহুতো পৰিয়াল পলায়ন কৰিবলৈ বাধ্য হৈছে ৷ তৃণমূল কংগ্ৰেছৰ নেতাৰ দ্বাৰা হিন্দু পৰিয়ালৰ পৰা বলপূৰ্বকভাৱে নাবালিকা কন্যা আৰু মহিলা সকলক তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়লৈ লৈ গৈ অত্যাচাৰ কৰাৰ দৰে জঘন্য ঘটনা সন্মুখলৈ আহিছে বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে ৷