‘কা’ৰ বিৰুদ্ধে ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ নিউজ ডেস্ক, 15 মাৰ্চ: ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ ‘কা’ বলবৎ হোৱাৰ পিচতে দৈনিক প্ৰতিবাদমুখৰ হৈ আছে ৰাজ্য । শুকুৰবাৰেও সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে 30 টাকৈ জনগোষ্ঠীয় সংগঠনে ৰাজ্যজুৰি সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰে ।
নলবাৰী: শুকুৰবাৰে নলবাৰীত ‘কা’ৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছুসহ 30 টা জনগোষ্ঠীয় সংগঠনে ৷ নলবাৰীৰ শ্বহীদ ভৱন বাকৰিৰ পৰা জিলা ছাত্ৰ সন্থাই বাহিৰ কৰে প্ৰতিবাদী সমদল ৷ প্ৰতিবাদকাৰী সকলে ‘কা’ বাতিলৰ দাবীত চৰকাৰবিৰোধী বিভিন্ন শ্ল’গান দি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ।
ধেমাজি: নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰ কৰা দাবীত ধেমাজিতো অব্যাহত আছে আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ ৷ সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনে ধেমাজি সদৰত সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰে ৷
গুৱাহাটী: গুৱাহাটীতো সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাই ৷ আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাই উজান বজাৰৰ শ্বহীদ ন্যাসৰ পৰা উগ্ৰতৰা দেৱাললৈ প্ৰতিবাদী সমদল উলিয়ায় ৷ আইনী যুঁজৰ সমান্তৰালকৈ গণতান্ত্ৰিক প্ৰতিবাদো অব্যাহত থাকিব মন্তব্য প্ৰতিবাদকাৰীসকলৰ ৷
তিনিচুকীয়া: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে তিনিচুকীয়াত সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ সংগঠনৰ আহ্বানত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সত্যাগ্ৰহ কায্যসূচী ৰূপায়ণ ৷ সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থায়ো নিজা কাৰ্যালয়ৰ সমীপৰ পৰা বাহিৰ কৰে ‘কা’বিৰোধী প্ৰতিবাদী সমদল ৷ সমদলটো চহৰখনৰ জি এন বি পথত সামৰণি পৰে ৷ প্ৰতিবাদৰ সময়ত কেইবাশতাধিক প্ৰতিবাদকাৰীয়ে বিভিন্ন শ্ল’গানেৰে চহৰখনত সৃষ্টি কৰে উত্তাল পৰিৱেশৰ ৷
বৰপেটা: বৰপেটা শ্বহীদ ভৱনৰ পৰা চহৰৰখনৰ মাজ-মজিয়াৰে বৃহৎ ৰেলী উলিয়াই CAA বিৰোধী শ্ল’গানেৰে উত্তপ্ত কৰি তোলে আছুৰ শতাধিক প্ৰতিবাদকাৰীয়ে ৷ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত বৰপেটা জিলা ছাত্ৰ সন্থাই উলিওৱা সত্যাগ্ৰহ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক নয়নজ্যোতি দাসে ছাত্ৰ সন্থাৰ কৰ্মীৰ ওপৰত মানসিক অত্যাচাৰ নচলাবলৈ সকীয়নি প্ৰদান কৰে ৷
যোৰহাট: যোৰহাট জিলা ছাত্ৰ সন্থা আৰু ত্ৰিশটা জাতীয় সংগঠনৰ আহ্বানত জিলা আয়ুক্ত কাৰ্যালয় সন্মুখত সত্যাগ্ৰহ কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ সত্যাগ্ৰহ কাৰ্যসূচীস্থলীত আছুৰ একালৰ সৰ্তীথ সৰ্বানন্দ সোণোৱালক অসমীয়া জাতিৰ খলনায়ক আখ্যা দি তেওঁৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে যোৰহাট জিলা ছাত্ৰ সন্থা ।
লগতে পঢ়ক:CAA-ৰ বিৰুদ্ধে ২০০ৰো অধিক আবেদন, শুনানিৰ বাবে সন্মত উচ্চতম ন্যায়ালয়