ডিব্ৰুগড়, 23 ফেব্ৰুৱাৰী : ডিব্ৰুগড় লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে পুনৰ প্ৰাৰ্থিত্ব লাভ কৰিব বুলি চৰ্চা চলাৰ মাজতে সাংসদ গৰাকীৰ সন্মুখত আহি পৰিছে এটাৰ পাচত আন এটা প্ৰত্যাহ্বান ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে সাংসদ ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে গৰজি উঠিছে চাহ জনজাতি ছাত্ৰ সন্থা ৷ চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ ৰামেশ্বৰ তেলীয়ে বিগত দহ বছৰে কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে ৷ সাংসদ তেলীৰ বিগত কাৰ্যকালক লৈ অসন্তুষ্টি প্ৰকাশ কৰে আটছাই ৷
আজি ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে ডিব্ৰুগড় সাহিত্য সভাৰ ভৱনত আটছাই এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত সংগঠনটোৰ বিষয়ববীয়াই কয় যে, বিগত দহ বছৰে ডিব্ৰুগড় সমষ্টিৰ সাংসদ হৈ আছে ৰামেশ্বৰ তেলী ৷ লগতে তেওঁ বৰ্তমান এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ৷ ইয়াৰ পিচতো আজিও চাহ জনগোষ্ঠীটো বিভিন্ন চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছে ৷ কিন্তু তেওঁৰ পৰা জনগোষ্ঠীটোৱে যথেষ্ঠ আশা কৰিছিল ৷ কিন্তু তেওঁ চাহ জনগোষ্ঠীৰ লগতে ডিব্ৰুগড় সমষ্টিৰ বাবে যি কৰিলে সেইয়া একেবাৰেই শূণ্য বুলি সংবাদমেলত উল্লেখ কৰে আটছাৰ ডিব্ৰুগড় জিলা সমিতিৰ বিষয়ববীয়াই ৷