ETV Bharat / state

মুছলমান লোকৰ অংশগ্ৰহণেৰে ধৰ্মীয় সংহতি বহন কৰা এখন শতবৰ্ষ গৰকা দুৰ্গা পূজা - Durga Puja 2024

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Historic Druga Puja: এখন ঐতিহাসিক দুৰ্গা পূজা, য’ত মুছলমান লোকেও স্বেচ্ছাই অংশ লয় ৷ আয়োজক সমিতিতো আছে কেবাগৰাকীও মুছলমান লোক ৷ বছৰ বছৰ ধৰি ধৰ্মীয় সংহতিৰ অনন্য নিদৰ্শন দেখুৱাই অহা এই পূজাখনৰ বিষয়ে জানিবলৈ পঢ়ক সবিশেষ-

Historic durga puja
ঐতিহাসিক দুৰ্গা পূজা (ETV Bharat)

নলবাৰী, 2 অক্টোবৰ: আজিৰে পৰা সূচনা হ’ল দেৱীপক্ষৰ ৷ আজি দেৱী দুৰ্গাই কৈলাশৰ পৰা মৰ্ত্যলৈ নামি অহা বুলি এক প্ৰবাদ আছে ৷ সপৰিবাৰে আগন্তুক দহটা দিন ধৰাত কটাব দেৱী দুৰ্গাই ৷ এই দেৱী পক্ষত ভক্তপ্ৰাণ ৰাইজ বিলীন হৈ পৰিব দেৱী বন্দনাত ৷ অসমতো আছে শৰৎ কালত দেৱী দুৰ্গাৰ আৰাধনাৰ এক পৰম্পৰা ৷ সেই পৰম্পৰাক সৰোগত কৰি অসমবাসীয়ে প্ৰতিবছৰৰ দৰে এইবাৰো আয়োজন কৰিছে শাৰদীয় দুৰ্গোৎসৱৰ ৷

অসমৰ কেবাঠাইতো দুৰ্গা পূজাৰ আছে প্ৰাচীন ইতিহাস ৷ তাৰে বহু পূজাথলীৰ ইতিহাস শতবছৰৰো পুৰণি ৷ ইয়াৰ ভিতৰত অন্যতম এখন ৰজাদিনীয়া পূজা হৈছে ধৰ্মপুৰ জ্ঞানদায়িনী সংঘৰ দ্বাৰা আয়োজিত সাহপুৰ ৰাজঘাট দুৰ্গা পূজা ৷ বুঢ়াদিয়া নৈৰ পাৰত অৱস্থিত এই সাহপুৰ ৰাজঘাটৰ দুৰ্গা পূজা এখন ঐতিহাসিক পূজা । এই সাহপুৰ ৰাজঘাট দুৰ্গা পূজাই এইবাৰ ভৰি দিছে 105 বছৰত ৷ এই কথা জনা যায় যে বুঢ়াদিয়া নৈৰ ঘাটতে ৰজা নাগক্ষই গা ধোৱা ঘাটত 105 বছৰ পূৰ্বে আৰম্ভ হৈছিল ধৰ্মপুৰ সাহপুৰ ৰাজঘাট দুৰ্গা পূজা ৷ তেতিয়াৰে পৰা অঞ্চলটোৰ ৰাইজে পালন কৰি আহিছে এই শাৰদীয় দুৰ্গোৎসৱ ৷

মুছলমান লোকৰ অংশগ্ৰহণেৰে ধৰ্মীয় সংহতি বহন কৰা এখন শতবৰ্ষ গৰকা দুৰ্গা পূজা (ETV Bharat)

তদুপৰি ধৰ্মপুৰ সাহপুৰ ৰাজঘাট দুৰ্গা পূজাৰ আছে আন এক বিশেষত্ব ৷ শতবৰ্ষ অতিক্ৰম কৰা এইখন দুৰ্গা পূজাত ইছলাম ধৰ্মাৱলম্বী লোকৰো আছে অনন্য অৱদান । ধৰ্মীয় গোড়ামি বা সংকীৰ্ণতাৰ উৰ্ধত এই বিশেষ পূজাথলীত হিন্দু মুছলমানৰ সম্প্ৰীতি ৰক্ষাৰে পূজা-অৰ্চনা কৰা হয় ৷ 1985 চনৰে পৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলে দেৱী দুৰ্গাৰ অকালবোধন হিচাপে এই সাহপুৰ দুৰ্গা পূজাখন পাতি আহিছে বুলি জানিবলৈ দিয়ে উদ্যোক্তা সমিতিয়ে ৷ আনকি আয়োজক সমিতিতো মুছলমান সম্প্ৰদায়ৰ লোক প্ৰতিনিধি হিচাপে থাকি পূজাত আগভাগ লোৱা বুলি কয় উদ্যোক্তাসকলে ৷

উল্লেখযোগ্য যে 105 বছৰত ভৰি দিয়া নলবাৰীৰ ঐতিহাসিক ৰজা দিনীয়া দুৰ্গোৎসৱ সাহপুৰ ৰাজঘাট পূজা সমিতিয়ো চলাইছে ব্যাপক প্ৰস্ততি । শতবৰ্ষগৰকা এই দুৰ্গা পূজাখনত প্ৰতিকুল বতৰকো নিওচি দিনে-নিশাই ব্যস্ত হৈ পৰিছে উদ্যোক্তা সমিতিকে ধৰি স্থানীয় ৰাইজ ।

এইবাৰ 105 সংখ্যক দুৰ্গা পূজাৰ বাবে প্ৰায় ডেৰ কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰিছে বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে । অহা ১৩ অক্টোবৰলৈ এঘাৰ দিনীয়া কাৰ্যসূচীৰে চলিব এইবাৰৰ দুৰ্গা পূজা । আনহাতে ধৰ্মীয় দিশৰ সমান্তৰালভাৱে মনোৰঞ্জনৰ বাবেও বিভিন্ন অনুষ্ঠানৰ দিহা কৰা হৈছে বুলি জানিব দিয়ে উদ্যোক্তাসকলে ।

পূজাৰ সৈতে সংগতি ৰাখি সাহপুৰ ৰাজঘাটত প্ৰদৰ্শন কৰা হ’ব অসমৰ আগশাৰীৰ কেইবাখনো ভ্ৰাম্যমাণ থিয়েটাৰ । ইপিনে এই পূজাথলীত যোৱাবছৰৰ পৰা অস্থায়ীভাৱে কাৰাগাৰো নিৰ্মাণ কৰি থকা হৈছে । কোনো লোকে পূজাস্থলীত অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰিলে সেই কাৰাগাৰত বন্দী কৰা হ’ব বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়ে । আনহাতে তেওঁলোকৰ এনে পদক্ষেপক জিলা প্ৰশাসনেও শলাগ লয় বুলি জানিবলৈ দিয়ে সমিতিয়ে । পূজাথলীৰ পৰিৱেশ বিনষ্ট কৰাৰ মনোভৱেৰে আহিম বুলি ভবাসকলক সতৰ্ক কৰি দিয়ে উদ্যোক্তা সমিতিয়ে ।

লগতে পঢ়ক: মৃৎশিল্পৰ সাধনাৰে আদৰ্শ দেখুৱাইছে যোৰহাটৰ এজন অসমীয়া যুৱকে - Durga Puja 2024

মহালয়াৰ পবিত্ৰ ক্ষণত ব্ৰহ্মপুত্ৰৰ পাৰত মা দুৰ্গাক আৰাধনা - Mahalaya 2024

মহালয়াৰ পবিত্ৰ ক্ষণত ধুবুৰীত উছৱমুখৰ পৰিবেশ - Mahalaya 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.