ETV Bharat / bharat

উৎসৱৰ আনন্দৰ মাজতে হেলিকপ্টাৰ দুৰ্ঘটনা; নিহত দুজন পাইলট, এজন বিমান অভিযন্তা - Helicopter Crash

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Chopper crash at hilly terrain: বুধবাৰে পুৱাতেই সংঘটিত হ’ল এটা অঘটন ৷ মহালয়াৰ আনন্দত সকলো মতলীয়া হৈ থকাৰ সময়তে পাহাৰীয়া অঞ্চলত দুৰ্ঘটনাত পতিত হয় এখন হেলিকপ্টাৰ ৷ তিনিজন লোক নিহত ৷

Chopper crash at hilly terrain
হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত (PTI)

নিউজ ডেস্ক, 2 অক্টোবৰ: মহাৰাষ্ট্ৰৰ পুনে জিলাৰ পাহাৰীয়া অঞ্চলত বুধবাৰে পুৱা এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয় ৷ দুৰ্ঘটনাত পতিত হেলিকপ্টাৰখন জ্বলি উঠাৰ ফলত দুজন পাইলট আৰু এজন বিমান অভিযন্তাকে ধৰি তিনিজন লোক নিহত হয় । এজন বিষয়াই জনোৱা মতে, দিল্লীস্থিত ব্যক্তিগত বিমান পৰিবহণ প্ৰতিষ্ঠানৰ হেলিকপ্টাৰখন অক্সফৰ্ড গ’ল্ফ কোৰ্চৰ হেলিপেডৰ পৰা উৰা মাৰি মুম্বাইৰ জুহুলৈ ​​গৈ আছিল ।

আৰক্ষীয়ে জনোৱা মতে, অক্সফৰ্ড গ’ল্ফ খেলপথাৰৰ সমীপৱৰ্তী বাৱধান অঞ্চলৰ পাহাৰীয়া ভূখণ্ডৰ সমীপত পুৱা ৬.৪৫ বজাত এই ঘটনা সংঘটিত হয় । পিমপ্ৰি চিঞ্চৱাদৰ আৰক্ষী আয়ুক্ত বিনয় কুমাৰ চৌবেই কয়, "হেলিকপ্টাৰ দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হৈছে । অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীসহ আমাৰ দলসমূহ সেই স্থানত উপস্থিত হৈছে ।" দুৰ্ঘটনাটোৰ পিছত হেলিকপ্টাৰখনত জুই লাগিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । তেওঁলোকে কয় যে দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।

Chopper crash at hilly terrain
হেলিকপ্টাৰ দুৰ্ঘটনা (ETV Bharat)

যোৱা ২৪ আগষ্টত মুম্বাই-হায়দৰাবাদৰ মাজত চলাচল কৰা এখন বিমান এই অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হৈ চাৰিজন আহত হোৱাৰ পিছত পুনে পাহাৰত এইটো দ্বিতীয়টো কাণ্ড ৷ তাৰ পূৰ্বে যোৱা ৩ মে'ত, শিৱসেনা (ইউবিটি)ৰ নেত্ৰী সুষমা আন্ধেৰেক নিবলৈ অহা এখন হেলিকপ্টাৰ ৰায়গড়ৰ এটা হেলিপেডৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হৈছিল ।

মহাৰাষ্ট্ৰৰ উচ্চ আৰু কাৰিকৰী শিক্ষা মন্ত্ৰী চন্দ্ৰকান্ত পাটিলে কয় যে প্ৰাথমিক তথ্য অনুসৰি কিছু কাৰিকৰী বিসংগতিৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হ’ব পাৰে আৰু কম দৃশ্যমান পৰিবেশো ইয়াৰ কাৰক বুলি সন্দেহ কৰা হৈছে ৷ ইয়াৰ তদন্ত কৰা হ’ব বুলি তেওঁ আশ্বাস দিয়ে ।

এজন বিষয়াই জনোৱা মতে, আৰক্ষী নিয়ন্ত্ৰণ কক্ষক এই শোকাৱহ ঘটনাৰ বিষয়ে এজন ব্যক্তিয়ে ফোনযোগে অৱগত কৰে আৰু লগে লগে পাহাৰীয়া আৰু ঘন বনাঞ্চলৰ দুৰ্ঘটনাস্থলীলৈ স্থানীয় অগ্নিনিৰ্বাপক বাহিনীকে ধৰি এটা দল প্ৰেৰণ কৰা হয় ।

Chopper crash at hilly terrain
মুহূৰ্ততে জ্বলি গ’ল হেলিকপ্টাৰ (ETV Bharat)

আৰক্ষীয়ে স্থানীয় বিমান পৰিবহণ কৰ্তৃপক্ষকো অৱগত কৰে আৰু এই শোকাৱহ দুৰ্ঘটনাৰ তদন্তৰ বাবে মুম্বাইৰ পৰা বিশেষজ্ঞৰ এটা দল লৰালৰিকৈ সেই স্থানলৈ আহে । হিঞ্জেৱাড়ী থানাই বিমান পৰিবহণৰ বিষয়াসকলৰ সৈতে যোগাযোগ কৰি পৰিস্থিতি আৰু অন্যান্য সবিশেষ, ভুক্তভোগীৰ পৰিচয়কে ধৰি তথ্য মূল্যায়ন কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহসূহ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক: উত্তৰাখণ্ডত হেলিকপ্টাৰ দুৰ্ঘটনা : হতাহত হোৱা নাই কোনো লোক - Uttarakhand Helicopter crash

হেলিকপ্টাৰ দুৰ্ঘটনাত এয়াৰ এম্বুলেন্স ক্ৰুৰ 3 সদস্য নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.