ডিব্ৰুগড়, ২ ছেপ্টেম্বৰ :সদৌ অসম ছাত্ৰ সন্থা বুলি ক'লে অসমৰ ৰাইজৰ বাবে আছিল এক আৱেগ । জাতীয় জীৱনৰ প্ৰতিটো সংকটৰ সময়ত অসমৰ ৰাইজে এটাই নাম উচ্চাৰণ কৰিছিল, সেয়া হ'ল সদৌ অসম ছাত্ৰ সন্থা । অসমৰ ৰাইজৰ সেই আৱেগ যেন ধৰি ৰাখিব পৰা নাই সদৌ অসম ছাত্ৰ সন্থাই । ছাত্ৰ সন্থাৰ মজিয়াত শেহতীয়াকৈ সংঘটিত কিছু কৰ্মকাণ্ডই আশাহত কৰিছে অসমৰ সচেতন ৰাইজক ।
প্ৰাক্তন আছু নেতাৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত এজাহাৰ দাখিল (ETV Bharat Assam) সদৌ অসম ছাত্ৰ সন্থাৰ ইতিহাসত কোনোদিনে নোহোৱা ঘটনা সংঘটিত হৈছে বৰ্তমান সময়ত । কিয়নো দেওবাৰে ভাৰতীয় জনতা পাৰ্টীৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলাৰ সদ্য পদত্যাগী সভাপতি অৱনী কুমাৰ গগৈয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে ।
আনহাতে, এজনৰ পাচত আন এজন আছু নেতাই বিজেপিত যোগদান কৰাক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ ভিতৰচ'ৰাত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে ৰাজ্যজুৰি সমগ্ৰ বিষয়টোক লৈ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে । ইয়াৰ পাচতে সদ্য আছু পদত্যাগী জিলা ছাত্র সন্থাৰ সভাপতি তথা ন-বিজেপি অৱনী কুমাৰ গগৈৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই ।
আছুৰ অভিযোগ অনুসৰি বি চি পি এলৰ সামাজিক দায়বদ্ধতা গোটৰ আঁচনিৰ অধীনত জিলা ছাত্র সন্থাৰ কাৰ্যালয়ত ডিজিটেল পুথিভঁৰাল নিৰ্মাণৰ বাবে আৱণ্টন দিয়া ১০ লাখ টকাৰ পুঁজিৰ কেলেংকাৰী সংঘটিত কৰিছিল ন-বিজেপি অৱনী কুমাৰ গগৈয়ে । তদুপৰি, নামৰূপ আঞ্চলিক ছাত্র সন্থাৰ কাৰ্যালয়টো ভাঙি নতুনকৈ নিৰ্মাণৰ নামত বিভিন্নজনৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰিছিল ন-বিজেপি অৱনী গগৈয়ে । এনেবোৰ বিত্তীয় কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰাৰ ভয়ত বিজেপিত যোগদান কৰা বুলি অভিযোগ কৰি সোমবাৰে জিলা ছাত্র সন্থাই অৱনী কুমাৰ গগৈৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত এজাহাৰ দাখিল কৰে ।
এজাহাৰ দাখিল কৰি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বুলবুল দত্তই কয়, "প্ৰাক্তন আছু নেতা অৱনী কুমাৰ গগৈ এগৰাকী কলংকিত ছাত্ৰ নেতা । অৱনী কুমাৰ গগৈয়ে যি বিত্তীয় কেলেংকাৰী সংঘটিত কৰিছিল তাৰ তদন্ত আমি কৰিম বুলি কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰা পাচতে বিজেপিত যোগদান কৰিছে । ন-বিজেপি অৱনী গগৈৰ বিৰুদ্ধে দুটা কেলেংকাৰীৰ ওপৰত এজাহাৰ দাখিল কৰা হৈছে । আৰক্ষীক উচিত তদন্ত কৰিবলৈ আমি দাবী জনাইছো ।"