গোলাঘাট: অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে ৰাজ্যবাসীক। সকলো ধৰণৰ বয়-বস্তুৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে ৰাইজক জলা-কলা খুৱাইছে । মূল্যবৃদ্ধি ৰোধৰ দাবীত ৰাইজে চৰকাৰক দাবী জনাই আহিছে যদিও চৰকাৰে এইক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই । সেয়ে অব্যাহত আছে প্ৰতিবাদ ।
সোমবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান ক্ৰমে মূল্যবৃদ্ধি ৰোধৰ দাবীত ৰাজ্য়জুৰি যোগানমন্ত্রী ৰণজিৎ কুমাৰ দাসৰ পুত্তলিকা দাহ কৰা হয় ।
গোলাঘাটত সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট নগৰ আঞ্চলিক সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্য়স্ত কৰে । গোলাঘাট আঞ্চলিক সমিতিয়ে আজি গোলাঘাট নগৰৰ বেজবৰুৱা চাৰিআলিত যোগানমন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । ছাত্ৰ সংগঠনটোৰ গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দীপক গগৈয়ে এই সন্দৰ্ভত কয়,"বজাৰত লাগিছে জুই আৰু চৰকাৰ আছে শুই । বজাৰত শাক-পাচলিৰ পৰা আৰম্ভ কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি চৰকাৰে নিয়ন্ত্ৰণ কৰিব পৰা নাই আৰু যেতিয়ালৈকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে আমাৰ প্ৰতিবাদ অব্যাহত থাকিব ।"
আনহাতে, উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক হিমাংশু শইকীয়াই কয়,"অনিয়ন্ত্ৰিত হাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ কোনো কাণসাৰ নাই ।" সংগঠনটোৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীক সকীয়াই দি কয় যে যদিহে অতিশীঘ্ৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ নকৰে তেতিয়া সংগঠনটোৱে তীব্ৰতৰ আন্দোলন গঢ়ি তুলিব ।
মূল্যবৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত প্ৰতিবাদ