নিউজ ডেস্ক,৭ মাৰ্চ :নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ৰাজ্যজুৰি অব্যাহত প্ৰতিবাদৰ ঢৌ । CAA ৰ বিৰুদ্ধে আছুকে আদি কৰি প্ৰায় ৩০ টা জনগোষ্ঠীয় সংগঠনে প্ৰতিবাদী কাৰ্যসূচী আহ্বান কৰে । প্ৰতিবাদী কাৰ্যসূচী অনুসৰি বৃহস্পতিবাৰে আছুৰ উদ্য়োগত উলিওৱা হয় বাইক ৰেলী । ৰাজ্যৰ বিভিন্ন প্ৰান্তত আছু নেতাসকলে CAA বিৰোধী ধ্বনিৰে উত্তাল কৰি তোলে আকাশ-বতাহ ।
লখিমপুৰত জিলা ছাত্র সন্থাই লখিমপুৰ নগৰৰ মাজেৰে বাইক ৰেলী উলিয়াই । জিলা ছাত্র সন্থাই কাৰ্যালয়ৰ সমীপৰ পৰা বাহিৰ কৰা বাইক ৰেলীত কেইবাশ আছু কৰ্মীয়ে অংশগ্রহণ কৰে । CAA আমি নামানো, কেন্দ্রীয় চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়, অসমত কা বলবৎ কৰিবলৈ দিয়া নহ'ব আদি শ্ল'গান দি উলিওৱা এই বাইক ৰেলীয়ে নগৰখন উত্তাল কৰি তোলে ।