গুৱাহাটী,২৫ এপ্ৰিল: চাকমা-হাজং শৰণাৰ্থীসকলক অসমত সংস্থাপনৰ বিৰোধীতাৰে সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া । গুৱাহাটীৰ গণেশগুৰিত বুধবাৰে আম আদমী পাৰ্টিয়ে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ জুমুঠি দাহ কৰি সাব্য়স্ত কৰে তীব্ৰ প্ৰতিবাদ । অৰুণাচলত বসবাস কৰা চাকমা-হাজং শৰণাৰ্থীসকলক অসমত সংস্থাপনৰ বিৰোধিতাৰে আপে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী । অসমৰ সচেতন জনসাধাৰণে চৰকাৰৰ এই জাতিধ্বংসী সিদ্ধান্ত কোনোপধ্যেই মানি নলয় বুলি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক সকীয়াই দিয়ে আপৰ নেতা-কৰ্মীসকলে ।
প্ৰায় এঘণ্টা ধৰি প্ৰতিবাদত উত্তাল হৈ পৰে গণেশগুৰিৰ ট্ৰেফিক পইন্ট । আপৰ প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰে আৰক্ষীয়ে । আৰক্ষীৰ প্ৰতিৰোধৰ মাজতে আপৰ ৰাজ্যিক জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই কয় যে বিজেপি চৰকাৰে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ বাবে ভাবুকি কঢ়িয়াই আনিছে । যি সময়ত অসমৰ থলুৱা ভূমিহীন কৃষকক চৰকাৰে সংস্থাপিত কৰিব পৰা নাই, যি সময়ত আমাৰ যুৱক-যুৱতীসকলে কৰ্মসংস্থাপন লাভৰ পৰা বঞ্চিত হৈছে, চৰকাৰে থলুৱা নাগৰিকক সুৰক্ষা প্ৰদানত ব্যৰ্থ হৈছে, সেই সময়ত অৰুণাচল প্ৰদেশৰ পৰা চাকমা-হাজং শৰণাৰ্থীসকলক আনি অসমত সংস্থাপন দিব বিচাৰিছে ।