গুৱাহাটী,২৭ ফেব্ৰুৱাৰী:মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আপৰ উপ-সভাপতি জিতুল ডেকাৰ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে মিছন বসুন্ধৰাৰ জৰিয়তে পুজিপতি, বনিয়াক মাটি দিয়াৰ অভিসন্ধি কৰিছে বুলি আপৰ উপ-সভাপতি জিতুল ডেকাই অভিযোগ উত্থাপন কৰে । গুৱাহাটীত মঙলবাৰে অনুষ্ঠিত এখন সংবাদমেলত আপৰ উপ-সভাপতি জিতুল ডেকাই কয় যে মিছন বসুন্ধৰাৰৰ উদ্দেশ্যে হ'ল ভূমিহীন খিলঞ্জীয়া মানুহক মাটিৰ অধিকাৰ দিয়া ।
কিন্তু চৰকাৰে এই উদ্দেশ্যৰে কাম কৰা নাই । তেওঁ কয় যে চৰকাৰে গুৱাহাটীৰ মাটিৰ মূল্য বহু গুণ বৃদ্ধি কৰিছে । গতিকে ভূমিৰ খাজনা পৰিমাণ বৃদ্ধি পাইছে । যাৰ বাবে এতিয়া গুৱাহাটীত একচনীয়া মাটি থকা খিলঞ্জীয়া মানুহে মিছন বসুন্ধৰাৰৰ জৰিয়তে ভূমিৰ পট্টা লোৱাৰ বাবে কিছুমানে ৩০ লাখ টকা, কিছুমানে ১ কোটি টকা পৰ্যন্ত খাজনা আদায় দিবলগীয়া হৈছে ।