অসম

assam

ETV Bharat / state

মিত্ৰতা যিয়েই নহওক, আপে নেৰে ডিব্ৰুগড় - AAP campaign

Lok Sabha Election 2024 : ডিব্ৰুগড় লোকসভা সমষ্টিত আপে প্ৰাৰ্থী ঘোষণা কৰা পিচতেই সমষ্টিটোত বিৰোধীৰ অংকত যে আউল লগাটো প্ৰায় নিশ্চিত হৈ পৰিছে ৷ মুঠতে এইবাৰ যি নহ’লেও ডিব্ৰুগড় লোক সভা সমষ্টি এৰি নিদিয়ে আপে ৷

LOK SABHA ELECTION 2024
মিত্ৰতা যিয়েই নহওক, আপে নেৰে ডিব্ৰুগড়

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 6:56 PM IST

মিত্ৰতা যিয়েই নহওক, আপে নেৰে ডিব্ৰুগড়

মৰাণ, 22 ফেব্ৰুৱাৰী : সমাগত লোকসভা নিৰ্বাচন 2024 ৷ ৰাজ্যত ইতিমধ্যে আৰম্ভ হৈছে লোকসভা নিৰ্বাচনৰ ৰণডংকা । আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে কঁকালত টঙালি বান্ধিছে । ইতিমধ্যে বিৰোধী উমৈহতীয়া মঞ্চৰ অংশীদাৰ হৈও অসমৰ তিনিটা সমষ্টিত নিজাববীয়াকৈ প্ৰাৰ্থী ঘোষণা কৰি ৰাজনৈতিক বতাহ গৰম কৰিছে আম আদমি পাৰ্টীয়ে ।

বিশেষকৈ ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ নাম চৰ্চাত থকা সময়তে আপে মনোজ ধানোৱাৰৰ নাম প্ৰক্ষেপিত প্ৰাৰ্থী হিচাপে ঘোষণা কৰে ৷ তাৰ পিচতে সমষ্টিটোত বিৰোধীৰ অংকত যে আউল লগাটো প্ৰায় নিশ্চিত হৈ পৰিছে । বিৰোধী ঐক্য মঞ্চৰ বিগ ব্ৰাডাৰ কংগ্ৰেছে ডিব্ৰুগড় এৰি দিব বিচৰা নাই আপক।

কেইটামান দিনৰ পূৰ্বে দিল্লীলৈ গৈ কংগ্ৰেছ নেতৃত্বক সাক্ষাৎ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজোতি গগৈয়ে। কিন্তু কংগ্ৰেছে ক'লেও ডিব্ৰুগড় লোকসভা এৰি নিদিয়ে আম আদমি পাৰ্টীয়ে । কাৰণ ইতিমধ্যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিভিন্ন ঠাইত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি আপে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে।

যুৱনেতা মনোজ ধানোৱাৰক প্ৰাৰ্থিত্ব প্ৰদানৰ পাচতে ডিব্ৰুগড় লোকসভা সমষ্টিত তৎপৰ হৈ পৰিছে আম আদমি পাৰ্টী । ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত টিংখাং বিধানসভা সমষ্টিত ইতিমধ্যে আপে নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী আৰম্ভ কৰিছে । টিংখাঙৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় দলটোৰ কাৰ্যকৰ্তাসকলে প্ৰাৰ্থী মনোজ ধানোৱাৰৰ হৈ বেনাৰ, পোষ্টাৰ আদি লগোৱাৰ কাম আৰম্ভ কৰিছে ।

মনোজ ধানোৱাৰক প্ৰাৰ্থী হিচাপে পাই উৎফুল্লিত হৈ পৰিছে আপৰ কাৰ্যকৰ্তা তথা সদস্যসকলে ৷ ইতিমধ্যে আপৰ কৰ্মকৰ্তাসকলে ৰাইজৰ মাজলৈ গৈ তেওঁলোকৰ সমৰ্থন আদায় কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে ৷

লগতে পঢ়ক :অসমতো কেজৰিৱাল; ১ মাৰ্চৰ পৰা ৰাজ্যত আপৰ নিৰ্বাচনী অভিযান

ABOUT THE AUTHOR

...view details