অসম

assam

অমৃত বৃক্ষ আন্দোলনৰ গছবোৰ কি হ'ল ? আপৰ প্ৰশ্ন - AAP Assam opposes deforestation

By ETV Bharat Assamese Team

Published : May 30, 2024, 8:06 PM IST

ৰাজ্যত অবাধ বন ধ্বংসৰ বিৰুদ্ধে সৰৱ আপৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজা । উত্তৰ-পূৰ্বাঞ্চলত বিগত ২৩ বছৰত ২৩ লাখ হেক্টৰ বন ধ্বংস । দেশৰ ভিতৰতে সৰ্বাধিক বনাঞ্চল ধ্বংস হৈছে অসমত । সংবাদমেলযোগে উত্থাপন কৰিলে এই অভিযোগ ।

AAP Assam alleges heat wave due to deforestation in Assam
AAP Assam alleges heat wave due to deforestation in Assam (ETV Bharat Assam)

গুৱাহাটী,৩০ মে':বিগত কেইদিনমান পূৰ্বে সৃষ্টি হোৱা গ্ৰীষ্মপ্ৰৱাহে জুৰুলা কৰিছিল সমগ্ৰ অসমৰ ৰাইজক । সামাজিক মাধ্যমত বা বিভিন্ন বৌদ্ধিক মহলত ইয়াৰ কাৰণ অবাধ বনধ্বংস বুলি চৰ্চা চলিছিল । এনে সময়তে বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰে আপ অসমৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই । গ্ৰীষ্মপ্ৰৱাহ আৰু ৰাজ্য চৰকাৰৰ অমৃত বৃক্ষ অভিযানৰ সন্দৰ্ভত চৰকাৰক সমালোচনা কৰি সংবাদমেলত সৰৱ হৈ পৰে মুখপাত্ৰগৰাকী ।

ৰাজ্যত অবাধ বন ধ্বংসৰ বিৰুদ্ধে সৰৱ আপ অসম (ETV Bharat Assam)

তেওঁ কয়,"বিগত কেইদিনমান পূৰ্বে অসমত ভয়ংকৰ গ্ৰীষ্মপ্ৰবাহৰ সৃষ্টি হৈছিল । এই গ্ৰীষ্মপ্ৰবাহৰ ফলত বহুলোক ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুমুখতো পৰিছে । এই সন্দৰ্ভত গ্ল'বেল ফৰেষ্ট ৱাটচৰ এক ভয়ংকৰ প্ৰতিবেদন প্ৰকাশ পাইছে । এই সন্দৰ্ভত সেউজ ন্যায়ধিকৰণে ৰুজু কৰিছে এক গোচৰ । এই প্ৰতিবেদনত বনধ্বংসৰ ভয়ংকৰ তথ্য প্ৰকাশ পাইছে । "

লগতে তেওঁ কয়, "প্ৰতিবেদন অনুসৰি ৰাজ্যত প্ৰায় ৩.২৩ লাখ হেক্টৰ ভূমি বনধ্বংসৰ হৈছে । ২০০০-২০২৪ চনৰ মাৰ্চ মাহলৈ বন ধ্বংস সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন ওলাইছে । ইয়াৰোপৰি ২০০০-২৩ চনলৈ ২৩ লাখ ৩০ হেজাৰ হেক্টৰ বনভূমি ধ্বংস কৰা হৈছে । প্ৰতিবেদন অনুসৰি প্ৰায় ২৩.৩০ লাখ হেক্টৰ বনাঞ্চলৰ প্ৰায় ৬০ শতাংশ বনভূমি উত্তৰ-পূৱৰ । কেৱল মাত্ৰ উত্তৰ-পূৱৰ প্ৰায় ৬০ শতাংশ বনভূমি ধ্বংস কৰা হৈছে ।"

আপ অসমৰ মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰে, "অসমৰ ক্ষেত্ৰত যদি চাওঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এক আন্দোলন আৰম্ভ হৈছিল । একেদিনাই ১ কোটি গছপুলি ৰোপণৰ পদক্ষেপ লৈছিল । অসমৰ বিভিন্ন ক্ষেত্ৰত কাম কৰা সকলোকে এই কাৰ্যত ব্যৱহাৰ কৰা হৈছিল ।"

কিন্তু শ শ কোটি টকা খৰচ কৰি অমৃত বৃক্ষ আন্দোলন কৰিছিল কিন্তু সেই গছবোৰ কি হ'ল বুলি প্ৰশ্ন উত্থাপন মুখপাত্ৰগৰাকীৰ । এই সন্দৰ্ভত চৰকাৰক তীব্ৰ সমালোচনা কৰি ডেকাৰজাই কয়,"ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰোতেও চৰকাৰে হাজাৰ হাজাৰ গছ ধ্বংস কৰিছে । গছপুলি ৰোপণৰ বাবেও মহিলাসকলক পইচা দিব বুলি চৰকাৰে লোভ দিছে । অমৃত বৃক্ষ আন্দোলন চৰকাৰৰ এখন নাটক । অসমত ৪০ ডিগ্ৰীৰ ওপৰত আগতে কেতিয়াও উষ্ণতা হোৱা নাই । চৰকাৰে জধে-মধে বন ধ্বংস কৰি গোলকীয় উষ্ণতা বৃদ্ধি কৰিছে ।"

ইয়াৰোপৰি তেওঁ কয়, "মহিলাসকলক প্ৰলোভন নিদি ,কেৱল চমক সৃষ্টি নকৰাহেতেন বা প্ৰতি ঘৰে ঘৰে ৰুবলৈ দিয়া হ'লে আজি এনে পৰিস্থিতি নহ'লহেতেন । য'ত-য'ত গছপুলি ৰোপণ কৰা হৈছিল, তাত গছপুলি ধ্বংস হৈ শেষ হৈ গৈছে । ১ কোটিৰ ভিতৰত প্ৰায় ৭০-৮০ লাখ গছপুলি ধ্বংস হৈছে । অনাগত দিনত যদি এনেকৈয়ে বনধ্বংস কৰা হয় তেনেহ'লে কেনে ভয়ানক পৰিৱেশ হ'ব ।"

লগতে তেওঁ কয়, "অসম,অৰুণাচল,নাগালেণ্ড,মণিপুৰ,মিজোৰামৰ ভিতৰত অসমতেই হৈছে সৰ্বাধিক বনধ্বংস হৈছে । অসমত ২৪ হেজাৰ হেক্টৰ ভূমিত বনধ্বংস হৈছে । ২০১৫-২০ চনলৈ দেশত বছৰি ৬.৬৮ লাখ হেক্টৰ বনভূমি ধ্বংস কৰা হৈছে । যি অসমৰ ভিতৰত দ্বিতীয় সৰ্বাধিক । ন্যায়ধিকৰণে ২৮ আগষ্ট ২০২৪ ত শুনানি গ্ৰহণ কৰিব ।"

লগতে পঢ়ক:দেশৰ ভিতৰতে বন ধ্বংসৰ ক্ষেত্ৰত ৰেকৰ্ড গঢ়িলে অসমে - Deforestation In Assam

গছ কাটিব যে নালাগে সেই শিক্ষা ক'ভিডে আমাক দিছে; বন ধ্বংসৰ বাবে অৰণ্য মানৱৰ দুখ - Jadav Payeng On Planting Trees

আমগুৰিত দুস্কৃতিকাৰীৰ বন ধ্বংসযজ্ঞ

ABOUT THE AUTHOR

...view details