গুৱাহাটী,১ ফেব্ৰুৱাৰী :কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বৃহস্পতিবাৰে সংসদত দাখিল কৰা অন্তৱৰ্তীকালীন বাজেটখনক নতুনত্ববিহীন তথা হতাশাজনক আখ্যা দিছে ৰাইজৰ দলে । বাজেটত শিক্ষা, স্বাস্থ্য, কৃষিখণ্ডৰ দৰে মহিলা আৰু শিশু কল্যাণ বিভাগৰো বাজেট আগতকৈ হ্ৰাস কৰা হ’ল ।
বিশেষকৈ আটাইতকৈ কম ধন ধাৰ্য কৰা হৈছে কৃষি খণ্ডত । অৰ্থাৎ কৃষকক ন্যূনতম সমৰ্থন মূল্য দিয়াৰ ক্ষেত্ৰত এইবাৰো কোনো সবল পদক্ষেপ নল’লে মোদী চৰকাৰে । সাৰৰ ওপৰত থকা ৰাজসাহাৰ্যও হ্ৰাস কৰি কৃষকৰ ওপৰত মাধমাৰ দিছে এইখন বাজেটে ।
একেদৰে নিৰ্বাচনৰ পূৰ্বে চাকৰিয়ালসকলে আশা কৰিছিল যে আয়কৰৰ সীমা বৃদ্ধি কৰি চৰকাৰে মূল্যবৃদ্ধিৰ পৰা সকাহ দিবলৈ চেষ্টা কৰিব ৷ কিন্তু তেনে কোনো ঘোষণাই নাহিল চৰকাৰৰ ফালৰ পৰা । পৰোক্ষ কৰৰ পৰা হ’ব পৰা আয়ৰ লক্ষ্য বৃদ্ধিয়ে নিম্ন আৰু মধ্যবিত্ত শ্ৰেণীৰ সাধাৰণ জীৱন নিৰ্বাহতো প্ৰভাৱ পেলাব বুলি সদৰী কৰে ৰাইজৰ দলে ।