গুৱাহাটী, ৩ আগষ্ট:অসম মুছলিম বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইন আৰু অধিনিয়ম ১৯৩৫ বাতিল সন্দৰ্ভত আমছুৰ উদ্যোগত শনিবাৰে মহানগৰীৰ হাতীগাঁৱত অনুস্থিত হয় এক চিন্তন বৈঠক । অসমৰ সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ বুদ্ধিজীৱী, শিক্ষাবিদ, বিভিন্ন পৰ্যায়ৰ সমাজকৰ্মী আৰু সংগঠকসকলে অনুষ্ঠিত কৰে উক্ত চিন্তন বৈঠকখন । বৈঠকখনত মুছলমান সমাজৰ বিবাহৰ নীতি-নিয়ম সলনি কৰাৰ বিৰোধিতা কৰি ৰাজ্যপালক স্মাৰক পত্ৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
মুছলমানে বাল্যবিবাহ সমৰ্থন নকৰে :
এই চিন্তন বৈঠকৰ অন্তত আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ৰাজ্য় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ কয়," ভাৰতে স্বাধীনতা লাভ কৰাৰ পূৰ্বৰ পৰাই কাজী প্ৰথা মুছলমান সমাজত চলি আছে । বহুবিবাহৰ কথা কোৰাণত কিয় উল্লেখ আছে সকলোৱে জনা উচিত । মুছলমানসকল বাল্যবিবাহৰ পক্ষত নাই, বাল্যবিবাহ বন্ধ কৰক, কিন্তু কাজী সকলক কিছু নিয়ম বনাই দিয়ক ।"