অসম

assam

গুৱাহাটীৰ বানৰ বাবে বিশেষজ্ঞৰ দল : তিনি বছৰ লাগিব সমস্যা সমাধানৰ বাবে - Artificial flood in Guwahati

By ETV Bharat Assamese Team

Published : Aug 13, 2024, 9:24 PM IST

Himanta Biswa Sarma on Guwahati flood : গুৱাহাটীৰ বান সমস্যা সমাধানৰ বাবে নিয়োগ কৰা হৈছে বিশেষজ্ঞৰ দল ৷ সমস্যা সমাধানৰ বাবে লাগিব তিনিবছৰ ৷ অধিগ্ৰহণ কৰা হ’ব মাটি ৷

Himanta Biswa Sarma on PWD
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

গুৱাহাটী, ১৩ আগষ্ট : গুৱাহাটীৰ কৃত্ৰিম বানৰ প্ৰসংগত পুনৰ মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ যোৰাবাটত অবিজ্ঞানসন্মতভাৱে পাহাৰ কটাৰ বাবে গুৱাহাটীত বান হোৱা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয়, ‘‘ যিসকলে মোক সমালোচনা কৰে, তেওঁলোকেও চাওক যে পানী কেৱল দিছপুৰত কিয় হয় ? যোৰাবাটৰ লগত সংলগ্ন কেৱল দিছুপুৰৰ আশে-পাশে হয় পানী ৷ ইয়াৰ ভুক্তভোগীসকলক অনুৰোধ কৰো যে সেউজ ন্যায়াধিকৰণলৈ যাওক ৷ মেঘালয়ৰ পাহাৰ খনন কিছু পৰিমাণে বন্ধ কৰক ৷ চৰকাৰ হিচাপে আমি বিশেষজ্ঞৰ দল এটা আমি নিয়োগ কৰিছো । যাতে পানীখিনি বশিষ্ঠ নদী হৈ, মৰা ভৰলুৰে দীপৰ বিললৈ লৈ যাব পৰা যায় ৷ জুৰিপাৰ আৰু ৰুক্মিনী নগৰৰ পিছফালেদি শিলসাঁকোলৈকে লৈ যাব পাৰো ৷ বাহিনীয়ে আৰু অতিৰিক্ত পানী নলয় ৷’’

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘ এই দুয়োটা ব্যৱস্থা কৰোতে তিনিবছৰ লাগিব ৷ ইয়াৰ বাবে মাটি অধিগ্ৰহণ কৰিব লাগিব ৷ মানুহৰ ঘৰৰ মাজেদিও নলা বনাই লৈ যাব লাগিব ৷ মানুহৰ সহযোগিতা লাগিব ৷ টকা দি মাটি অধিগ্ৰহণ কৰিম ৷ এইখিনি কৰাৰ বাবে পৰৱৰ্তী তিনিটা বছৰ আমাৰ বাবে প্ৰত্যাহ্বানমূলক হ’ব ৷’’

ইফালে দিছপুৰত বি জে পি চৰকাৰৰ শাসনকালত নিৰ্মাণ কৰি যোৱাবছৰত মুকলি কৰা বিধানসভাৰ নতুন ভৱনৰ চাদত মেলিছে ফাট । যাৰ বাবে বৰষুণ আহিলে এই ভৱনত বৰষুণৰ পানী নিগৰি পৰে । এই কথা স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বীকাৰ কৰিছে ।

মঙলবাৰে গুৱাহাটীত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ড৹ শৰ্মাই এই কথা স্বীকাৰ কৰি কয়, ‘‘ কালি বিধানসভাৰ অধ্যক্ষই মোক বাৰে বাৰে অভিযোগ কৰি আছিল যে বৰষুণ আহিলে এই ভৱনত বৰষুণৰ পানী নিগৰি পৰে ৷ " তেওঁ কয় যে লোকনিৰ্মাণ বিভাগৰ অভিযন্তা আৰু ঠিকাদাৰসকলে ভালকৈ কাম নিৰীক্ষণ কৰা নাছিল বাবে এই সমস্যা হৈছে।

অসমৰ ৰাস্তা তিনিবছৰতকৈ বেছি নিটিকে, কিয় ?

মুখ্যমন্ত্ৰীয়ে কয় যে অসমত কোনো এটা ৰাস্তা তিনি বছৰতকৈ বেছিদিন নিটিকে । কাৰণ অভিযন্তাসকল এই কামৰ লগত জড়িত হৈ নাথাকে । অনভিজ্ঞ মিস্ত্ৰীয়ে ৰাস্তা নিৰ্মাণ কৰে । ঠিকাদাৰে চাবলৈ নাহে । যাৰ ফলত পাঁচবছৰত এটা ৰাস্তা মেৰামতি কৰাৰ বাবে ২ কোটি টকা অতিৰিক্ত খৰচ কৰিব লাগে ।

প্ৰশিক্ষণ দিয়া হ’ব মিস্ত্ৰীক :

মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ৰাস্তা, অট্টালিকা নিৰ্মাণ আদিৰ কাম চৰৰ পৰা অহা মিস্ত্ৰীয়ে কৰে । ঠিকাদাৰে নাচায়, অভিযন্তাসকলেও ঠাইত চাবলৈ নাহে । এইক্ষেত্ৰত সকলোকে সচেতন কৰি থাকিব লাগিব । লোক নিৰ্মাণত এইক্ষেত্ৰত কঠোৰ নিয়ম কৰিব লাগিব । চৰকাৰে মিস্ত্ৰী প্ৰশিক্ষণ দিয়াৰ পৰিকল্পনা গ্ৰহণ কৰিছে । এই কাম কৰোঁতে পাঁচবছৰ সময় লাগিব ।’’

প্ৰসংগ: উপ-নিৰ্বাচন

মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত সাংবাদিকক জনাই যে এতিয়ালৈকে উপ-নিৰ্বাচন নিৰ্বাচনৰ দিন আয়োগে ঘোষণা কৰা নাই ৷ আয়োগে উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টিকেইটাৰ বাবে ২০ আগষ্টত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিব ৷ বিজেপিত এতিয়ালৈকে কোনো উপ-নিৰ্বাচনৰ কথা আলোচনা কৰা নাই । আয়োগে উপ-নিবাচনৰ ঘোষণা কৰাৰ পিচত প্ৰাৰ্থীৰ আলোচনা কৰা‌ হ’ব ৷

লগতে পঢ়ক :অসমত কিয় বৃদ্ধি পাইছে চেৰিব্ৰেল পালছী, কাৰ ভুলৰ‌ বাবে বাঢ়িছে এই ৰোগ: মুখ্যমন্ত্ৰীয়ে দিলে উত্তৰ

ABOUT THE AUTHOR

...view details