মঙলদৈ:গুৱাহাটীৰ পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ কৰ্মকাণ্ড ৰাজ্যজুৰি চৰ্চিত হোৱাৰ লগতে আৰক্ষীৰ বেজত থকা 'জনহিত জনসেৱাৰ্থে'ক লৈ প্ৰশ্নবোধক চিন উত্থাপিত হৈছে ।
ইয়াৰ চৰ্চা ছ'চিয়েল মিডিয়াত ব্যাপকৰূপত পৰিলক্ষিত হৈছে । এনে সময়তে সামাজিক কামেৰে এইবাৰ চৰ্চালৈ আহিছে মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুট কাকতি ।
ৰাইজৰ বাবে ভগৱানসদৃশ এজন আৰক্ষী বিষয়া (ETV Bharat Assam) হয়, আমি কবলৈ ওলাইছোঁ মঙলদৈ সদৰ থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে দুবছৰ ধৰি কাৰ্যনিৰ্বাহ কৰি থকা মুকুট কাকতিৰ কথা । যি সময়ত আৰক্ষীৰ ওচৰলৈ সাধাৰণ লোক যাবলৈ ভয় কৰে তেনে সময়তে এই আৰক্ষী বিষয়াগৰাকী একাংশ লোকৰ বাবে হৈ পৰিছে ভগৱান সদৃশ । আৰক্ষী বিষয়াগৰাকী ছ'চিয়েল মিডিয়াত চৰ্চালৈ আহিছে এগৰাকী আইতাক মাজে সময়ে কৰি অহা আৰ্থিক সহায়ৰ বাবে ৷ আইতাগৰাকীয়ে বিষয়াজনক ঘৰৰ পৰা মানিমুনি, ভেদাইলতা শাকৰ লগতে ফুটৱেৰ এখন ভৰি মচিবৰ বাবে আগবঢ়োৱাৰ এটি ভিডিঅ' বহুতৰে হাতে হাতে ।
ভিডিঅ'টোৰ জৰিয়তে আইতাগৰাকীৰ আৰক্ষী বিষয়াগৰাকীলৈ অফুৰন্ত মৰম প্ৰকাশ পাইছে । মঙলদৈ সদৰ থানালৈ অহা কোনো লোককে কোনো দিনে একো টানকৈ নোকোৱাৰ লগতে পাৰিলে সুন্দৰভাৱে বুজাই বঢ়াই বহু গোচৰ থানাতেই তেওঁ সমাপ্ত কৰাৰো উদাহৰণ আছে । আনকি তেওঁ বহু দুখীয়া নিচলা, মগনীয় লোকক নিজৰ গাঁঠিৰ ধনৰে সহায় কৰি অহাৰ কথা সকলোৰে মুখে মুখে ।
সমাজৰ সকলো স্তৰৰ লোকে আৰক্ষী বিষয়াজনৰ সৰলতাক প্ৰশংসা কৰাৰ লগতে তেওঁৰ দৰে লোক আৰক্ষীত প্ৰয়োজন বুলি স্বীকাৰ কৰিছে । তেতিয়াহে আৰক্ষীৰ প্ৰতি মানুহৰ ধাৰণা সলনি হ'ব । উল্লেখযোগ্য যে পৰিৱেশ সুৰক্ষাৰ বাবে আৰক্ষী বিষয়াগৰাকীৰ ভূমিকা অপৰিসীম । তেওঁ চাকৰি সূত্ৰে য'লৈকেই গৈছে তাতেই গছপুলি ৰোপণৰ জৰিয়তে পৰিৱেশ ভাৰসাম্যতা ৰক্ষাৰ বাবে কাম কৰি আহিছে ।
মঙলদৈত যোগদান কৰাৰ পিছতে তেওঁ মঙলদৈ টাউন, দেওমৰণৈ, নগৰবাহী, ৰঙামাটি, মোৱামাৰি লেঙেৰীপাৰা আদিত গছপুলি ৰোপণ কৰিছে । এইগৰাকী আৰক্ষী বিষয়াৰ লগত ই টিভি ভাৰতৰ সাংবাদিকে যোগাযোগ কৰিছিল যদিও তেওঁ অধিক তথ্য দিয়াৰ পৰা বিৰত থাকি মাথো এনে সামাজিক আচাৰক তেওঁৰ কৰ্তব্যৰ এক অংশৰূপে পালন কৰি আহিছে বুলি জনায় ।
লগতে তেওঁৰ সাধ্য অনুসৰি ভৱিষ্যতেও সামাজিক আৰু প্ৰকৃতি সুৰক্ষাৰ বাবে কৰ্মৰত অৱস্থাত সময় উলিয়াই বা ভৱিষ্যৎ জীৱনতো কৰি যাব বুলি উল্লেখ কৰে । আৰক্ষী মানেই দয়া-মমতা নোহোৱা মানৱতাহীন নহয় । সকলো আৰক্ষী একে নহয় । আৰক্ষীৰো আছে এখন হৃদয়, ভাল পাব পাৰে প্ৰকৃতিক, ভাল পাব পাৰে মানুহক । মুকুট কাকতিৰ দৰে বহু আৰক্ষী এতিয়া আমাৰ সমাজত দৰকাৰ ।