অসম

assam

ETV Bharat / state

শ্বহীদ সতীৰ্থৰ পৰিয়ালৰ প্ৰতি মহানুভৱতা : বিবাহথলীত উপস্থিত হৈ পালন কৰিলে পিতৃৰ দায়িত্ব - Special marriage - SPECIAL MARRIAGE

Special Marriage : দেশমাতৃৰ সমানে সমানে সতীৰ্থৰ পৰিয়ালৰ প্ৰতিও দায়বদ্ধ জোৱানসকল ৷ এগৰাকী শ্বহীদ সতীৰ্থৰ পৰিয়ালৰ বিবাহত উপস্থিত হৈ পালন কৰিলে পিতৃৰ দায়িত্ব ৷ পিছে এইসকল জোৱাননো কোন আৰু তেওঁলোকে কিদৰে নিজৰ দায়িত্ব পালন কৰিলে, সেয়া চাওক আমাৰ এই বিশেষ প্ৰতিবেদনত ৷

CRPF JAWANS SHOW MAGNANIMITY
শ্বহীদ সতীৰ্থৰ পৰিয়ালৰ প্ৰতি মহানুভৱতা (Etv Bharat Assam)

By ETV Bharat Assamese Team

Published : May 13, 2024, 9:49 PM IST

Updated : May 14, 2024, 4:03 PM IST

শ্বহীদ সতীৰ্থৰ পৰিয়ালৰ প্ৰতি মহানুভৱতা (Etv Bharat Assam)

নগাঁও, 13 মে’:10 বছৰ পূৰ্বে শ্বহীদ হোৱা নগাঁৱৰ নৰেশ্বৰক পাহৰা নাই চিআৰএফে ৷ জম্মু-কাশ্মীৰত শ্বহীদ হোৱা জোৱানৰ পৰিয়ালৰ প্ৰতি দায়বদ্ধতাৰ পৰিচয় দিলে চি আৰ পি এফৰ 34 নং বেটালিয়নে ৷ শ্বহীদ কন্যাৰ বিয়াত সহযোগ কৰাই নহয়, প্ৰাণখুলি নাচিলে চি আৰ পি এফৰ বিষয়া-জোৱানসকলে ৷

কইনাৰ সাজ পৰিধান কৰাৰ সময়ত হয়তো নিজৰ পিতৃক কাষত বিচাৰে প্ৰতিগৰাকী কন্যাই ৷ নিজ হাতেৰে কইনা দান কৰাটোত হয়তো প্ৰতিগৰাকীৰে পিতৃৰে থাকে এক সপোন ৷ কিন্তু দেশৰ বাবে প্ৰাণ আহুতি দিয়া এগৰাকী পিতৃৰ কন্যাৰ বিয়াৰ দিনা কোনে পালন কৰিব এই দায়িত্ব?

পিছে এগৰাকী শ্বহীদ জোৱানৰ কন্যাৰ বিয়াত পিতৃৰ অভাৱ পূৰণ কৰিবলৈ আগবাঢ়ি আহি মহানুভৱতাৰ পৰিচয় দিলে চি আৰ পি এফৰ একাংশ জোৱানে ৷ জম্মু-কাশ্মীৰত শ্বহীদ হোৱা এগৰাকী চি আৰ পি এফ জোৱানৰ প্ৰতি সহানুভূতি দেখুৱাই দায়বদ্ধতাৰ পৰিচয় দিলে 34 নং বেটালিয়নৰ জোৱানসকলে ৷

10 বছৰ পূৰ্বে জম্মু-কাশ্মীৰত পাক মদতপুষ্ট সন্ত্ৰাসবাদীৰে সাহসিকতাৰে যুঁজি প্ৰাণ আহুতি দিছিল নগাঁৱৰ গান্ধীবড়িৰ চি আৰ পি এফ-ৰ জোৱান নৰেশ্বৰ নাথে ৷ মৃত্যুৰ সময়ত পত্নী গীতিকা দেৱী আৰু কণমানি কন্যা ৰিম্পী দেৱীক সংসাৰত এৰি থৈ গৈছিল নৰেশ্বৰ নাথ নামৰ জোৱানগৰাকীয়ে ৷

দেওবাৰে আছিল সেইগৰাকী শ্বহীদ জোৱান নৰেশ্বৰ নাথৰ কন্যা ৰিম্পী দেৱীৰ বিয়া ৷ কইনাৰ সাজ পৰিধান কৰা ৰিম্পীয়ে বিয়াৰ দিনটোত পিতৃৰ অভাৱ বাৰুকৈয়ে উপলব্ধি কৰাটো তেনেই স্বাভাৱিক ৷ কিন্তু পিতৃৰ অভাৱ নাইকীয়া কৰিবলৈ ৰিম্পীৰ বিবাহস্থলীত দেওবাৰে সন্ধিয়া উপস্থিত হ'ল নগাঁৱৰ কাতিমাৰীস্থ চি আৰ পি এফ-ৰ ৩৪ নং বেটালিয়ানৰ বিষয়া-জোৱান ৷

বিবাহস্থলীত উপস্থিত হৈ ৰিম্পীক সুখী হোৱাৰ আশীৰ্বাদ দিয়াৰ লগতে প্ৰাণখুলি নাচিলে এইসকল বিষয়া-জোৱানে ৷ বিবাহস্থলীত উপস্থিত থকা চি আৰ পি এফ-ৰ অধিনায়কগৰাকীয়ে সংবাদ মাধ্যমক ক'লে এনেদৰে "নৰেশ্বৰ নাথে ভাৰত মাতৃৰ বাবে সৰ্বস্ব ত্যাগ কৰিলে ৷ তেওঁৰ বলিদানক আমি কেতিয়াও পাহৰিব নোৱাৰো ৷ তেওঁলোকৰ পৰিয়ালৰ সুখ-দুখ সকলোতে চি আৰ পি এফৰ সহযোগ সদায় থাকিব" ৷

আনহাতে, ১০ বছৰ পূৰ্বেই পিতৃক হেৰুওৱা ৰিম্পীয়ে ক'লে, "মোৰ দেউতা আকৌ ঘূৰি অহাৰ দৰে অনুভৱ হৈছে ৷ দেউতাক লৈ সদায় গৌৰৱবোধ কৰো" ৷ কিছুসময়ৰ বাবে বিবাহস্থলীত আৱেগিক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে চি আৰ পি এফ-ৰ জোৱানসকলৰ এই পদক্ষেপক শলাগিলে সকলোৱে ৷

লগতে পঢ়ক:স্তব্ধ হৈ ৰ’ল এটি সাহসী কণ্ঠ : পদ্মশ্ৰী বিৰুবালা ৰাভাৰ দেহাৱসান - Birubala Rabha Passes Away

Last Updated : May 14, 2024, 4:03 PM IST

ABOUT THE AUTHOR

...view details